মৰাণ,22 ডিচেম্বৰ:ৰাস উদযাপনক কেন্দ্ৰ কৰি উৎফুল্লিত হৈ পৰিছে চাঁচনীবাসী ৷ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ চাঁচনীৰ হাঁহচৰা বৰ নামঘৰত মহা আড়ম্বৰেৰে উদযাপন কৰা হ’ব ৰাস ৷ আখৰাৰ সমান্তৰালকৈ উদ্যোক্তাসকলে বাকী সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ হাঁহচৰাবাসীয়ে প্ৰতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা ৰাস মহোৎসৱৰ এইবেলি অষ্টাদশ বৰ্ষ ৷ এই ৰাস দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব 2021 ৰ 9-10 জানুৱাৰীত ৷
হাঁহচৰা বৰনামঘৰত ৰাসৰ আয়োজন - অসম পেট্ৰ’কেমিকেল
নাহৰকটীয়াৰ চাচনীৰ হাঁহচৰা বৰনামঘৰত ৰাসৰ আয়োজন ৷ ৰাস উদযাপনক কেন্দ্ৰ কৰি উৎফুল্লিত হৈ পৰিছে চাঁচনীবাসী ৷ হাঁহচৰাবাসীয়ে প্ৰতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা ৰাস মহোৎসৱৰ এইবেলি অষ্টাদশ বৰ্ষ ৷ এই ৰাস দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব 2021 ৰ 9-10 জানুৱাৰীত ৷
হাঁহচৰা বৰনামঘৰত ৰাসৰ আয়োজন
উদ্যোক্তাসকলে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কবিতা আবৃত্তি, চিত্ৰাংকন, আকস্মিক বক্তৃতা আদি অনুষ্ঠিত কৰা হ’ব বুলি সদৰী কৰে ৷ অসম পেট্ৰ’কেমিকেলৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাই উদ্বোধন কৰিবলগা এই ৰাস মহোৎসৱ পূৰ্বতকৈ মনোগ্ৰাহী হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷
লগতে চাওকঃকৰ'ণা মহামাৰীৰ কালচোৱাত ভাৰতত যৌন শিক্ষাৰ প্ৰয়োজনীয়তা