অসম

assam

ETV Bharat / state

জুলীয়া পদাৰ্থ প্ৰশান্ত ফুকনৰ কাম নাই ! - প্ৰশান্ত ফুকন বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ আছু কৰ্মীৰ

প্ৰশান্ত ফুকনে নিজকে জুলীয়া পদাৰ্থ "যত থাকো তাৰে ৰূপ লওঁ" বুলি দম্ভালি মাৰি থকা বাক্যশাৰীকে আছুৱে উলোতাই ব্যৱহাৰ কৰি "জুলীয়া পদাৰ্থ প্ৰশান্ত ফুকনৰ কাম নাই," "জুলীয়া পদাৰ্থ প্ৰশান্ত ফুকন এইদৰে নচলিব" বুলি শ্ল'গান দিয়ে

প্ৰশান্ত ফুকন
জুলীয়া পদাৰ্থ প্ৰশান্ত ফুকনৰ কাম নাই !

By

Published : Dec 8, 2019, 9:16 AM IST

ডিব্ৰুগড়, 8 ডিচেম্বৰঃ বিজেপিৰ বাবে এতিয়া অপ্ৰতিৰুদ্ধ আছু, য'তেই বিজেপি নেতা তাতেই প্ৰতিবাদ আছু কৰ্মীৰ । বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ গৃহৰ সন্মুখত প্ৰতিবাদৰেৰে মাজনিশা কেবৰ বিৰোধিতা কৰা আছুৰ এইবাৰ টাৰ্গেত ডিব্ৰুগড়ৰ জেষ্ঠ বিজেপি বিধায়ক প্ৰশান্ত ফুকন ।

শনিবাৰে মাজনিশা প্ৰশান্ত ফুকনৰ বাসগৃহ ঘেৰাও কৰি উত্তাল প্ৰতিবাদ আছুৰ । বিধায়ক প্ৰশান্ত ফুকনৰ জীৱন ফুকন নগৰস্থিত বাসগৃহৰ চৌহদৰ দেৱাল,পদূলি সকলোতে কলা আখৰেৰে লিখি দিলে বিজেপি গ' বেক, ন' কেব । প্ৰতিবাদৰ সময়ত নিজ গৃহতে আছিল বিধায়ক প্ৰশান্ত ফুকন । টায়াৰ জ্বলাই, প্ৰতিবাদকাৰী আছু নেতৃত্বই প্ৰশান্ত ফুকনৰ বাসগৃহৰ সন্মুখৰ পৰা কেব বিৰোধী আৰু বিধায়ক গৰাকীক লাঞ্চিত শ্ল'গান দিয়াৰ উপৰিও পৰিয়ালকো সকিয়াই দিয়ে ।

জুলীয়া পদাৰ্থ প্ৰশান্ত ফুকনৰ কাম নাই !

ইফালে প্ৰশান্ত ফুকনে নিজকে জুলীয়া পদাৰ্থ "যত থাকো তাৰে ৰূপ লওঁ" বুলি দম্ভালি মাৰি থকা বাক্যশাৰীকে আছুৱে উলোতাই ব্যৱহাৰ কৰি "জুলীয়া পদাৰ্থ প্ৰশান্ত ফুকনৰ কাম নাই," "জুলীয়া পদাৰ্থ প্ৰশান্ত ফুকন এইদৰে নচলিব" বুলি শ্ল'গান দিয়ে ৷

আৰু পঢ়কঃ যদি এংলো-ইণ্ডিয়ানসকলৰ আসনসমূহ কৰ্তন কৰা হয়, তেন্তে তেওঁলোকক প্ৰতিনিধিত্ব কোনে কৰিবঃ ৰাজনৈতিক বিশ্লেষক

ABOUT THE AUTHOR

...view details