অসম

assam

ETV Bharat / state

মৰাণত বিনামূলীয়া পাৱাৰ টিলাৰ বিতৰণ কৃষকক - কৃষক

নতুন বছৰ আৰম্ভণিতে মৰাণ বিধানসভা সমষ্টিৰ কৃষকলৈ আহিল ভাল খবৰ । অসম চৰকাৰে প্ৰথম পৰ্যায়তে ১০০ জন কৃষকলৈ বিনামূলীয়াকৈ প্ৰদান কৰিছে পাৱাৰ টিলাৰ ।

মৰাণৰ কৃষকে লাভ কৰিলে বিনামূলীয়া পাৱাৰ টিলাৰৰ
মৰাণৰ কৃষকে লাভ কৰিলে বিনামূলীয়া পাৱাৰ টিলাৰৰ

By

Published : Jan 4, 2021, 11:33 AM IST

ডিব্ৰুগড়, ৪ জানুৱাৰী: অসম চৰকাৰৰ ভৈয়াম জনজাতীয় আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ নিৰ্দেশালয়ৰ কাৰ্যালয় চমুকৈ WPT&BC বিভাগে ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ ১০০ গৰাকী কৃষকলৈ আগবঢ়ায় বিনামূলীয়া পাৱাৰ টিলাৰ । বিধায়ক চক্ৰধৰ গগৈয়ে দেওবাৰে হিতাধিকাৰী কৃষকসকলক মৰাণৰ পল' ফিল্ডত আনুষ্ঠানিকভাৱে বিতৰণ কৰে বিনামূলীয়া পাৱাৰ টিলাৰ ।

কৃষকে লাভ কৰিলে বিনামূলীয়া পাৱাৰ টিলাৰ

বিতৰণী অনুষ্ঠানত বিধায়ক গগৈয়ে কয় যে প্ৰথম পৰ্যায়ত ১০০ জন কৃষকৰ বাবে পাৱাৰ টিলাৰ অসম চৰকাৰে প্ৰদান কৰিছে যদিও অতি কম দিনৰ ভিতৰতে পুনৰ আন বহু কৃষকে লাভ কৰিব বিনামূলীয়া পাৱাৰ টিলাৰ । ইতিমধ্যে যাৱতীয় সকলো কাম সম্পূৰ্ণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় কৃষি বিভাগ যোঁজনাৰ অধীনত গ্ৰাম্য় উন্নয়ন সুদৃঢ় কৰাৰ লক্ষ্যৰে কৃষি বিভাগে এনেধৰণৰ আঁচনি হাতত লৈছে ।

লগতে পঢ়ক:18 শতাংশ বৃদ্ধিৰে আবকাৰী বিভাগে সংগ্ৰহ কৰিলে অভিলেখসংখ্যক কৰ

ABOUT THE AUTHOR

...view details