অসম

assam

By

Published : Oct 13, 2021, 11:35 AM IST

ETV Bharat / state

মৃত্যুঘণ্টা বাজিছে জকাই অৰ্কিড উদ্যানত

ডিব্ৰুগড়ৰ অন্যতম জকাই অৰ্কিড উদ্যান(Jokai Orchid Garden)ৰ দুৰৱস্থা ৷ দিনে দিনে মৃত্যুৰ ক্ষণ গণিছে এই পৰিৱেশ পৰ্যটন কেন্দ্ৰটোৱে ৷ উদ্যানখনৰ দুৰৱস্থাৰ আঁৰত বন বিভাগ(Forest Department) আৰু পৰ্যটন বিভাগ(Tourism Department)ৰ হেমাহি বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

poor-condition-of-jokai-botanical-garden
মৃত্যুঘণ্টা বাজিছে জকাই অৰ্কিড উদ্যানত

মৰাণ, 13 অক্টোবৰ : ক্ৰমাৎ মৃত্যুৰ দিশে গতি কৰিছে জকাই অৰ্কিড উদ্যান আৰু পৰিৱেশ পৰ্যটন কেন্দ্ৰ ৷ পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ উদ্যানখনত গঢ়ি তোলা নাই কোনো বিশেষ ব্যৱস্থা । 2004 চনতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ(Tarun Gogoi)য়ে আধাৰশিলা স্থাপন কৰিছিল বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰে ভৰপূৰ জকাই অৰ্কিড উদ্যান(Jokai Orchid Garden)খনৰ ৷

মৃত্যুঘণ্টা বাজিছে জকাই অৰ্কিড উদ্যানত

বিগত বৰ্ষত উদ্যানখনৰ আন্তঃগাঁথনি সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় 44 লাখ টকা পুঁজিৰ আৱণ্টন দিছিল যদিও সেই পুঁজি ক’ত ব্যৱহাৰ হ’ল সেয়া বৰ্তমানেও ৰহস্যজনক হৈ আছে ৷ ক’ভিড 19(Covid 19) মহামাৰীৰ বাবে দীৰ্ঘদিন ধৰি উদ্যানখন বন্ধ হৈ থকা বুলি কৰ্তৃপক্ষই দাবী কৰিব বিচাৰিলেও পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ উদ্যানখনত কোনো ব্যৱস্থা কৰা হোৱা নাই ।

ইফালে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বন বিভাগ(Forest Department) আৰু কিছু অসাধু ব্যক্তিয়ে মিলি বনাঞ্চলখনৰ সকলো মূল্যবান গছ-গছনি কাটি তহিলং কৰিছে । এই উদ্যানখনত অৰ্কিড সংৰক্ষণৰ নামত ভেকো-ভাওনাৰহে সৃষ্টি হৈছে । লক্ষাধিক টকা ব্যয় সাপেক্ষে স্থাপন কৰা উদ্যানখনত বৰ্তমান শূন্য আন্তঃগাঁথনি ।

মৃত্যুঘণ্টা বাজিছে জকাই অৰ্কিড উদ্যানত

বন বিভাগ আৰু পৰ্যটন বিভাগ(Tourism Department)ৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে ডিব্ৰুগড়ৰ পাঁচখন সুৰক্ষিত বনাঞ্চলৰ অন্যতম সংৰক্ষিত বনাঞ্চল জকাই সংৰক্ষিত বনাঞ্চল(Jokai Reserve Forest)খন দুৰৱস্থা হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰা(Bimal Bora)ৰ গৃহ জিলাত অৱস্থিত এই উদ্যানখন যিধৰণে গুৰুত্ব দিব লাগিছিল, সেইধৰণে বন বিভাগে কোনো গুৰুত্ব নিদিয়া বুলি ক্ষোভ উজাৰিছে ৰাইজে ।

মৃত্যুঘণ্টা বাজিছে জকাই অৰ্কিড উদ্যানত

তথ্য অনুসৰি জকাই সংৰক্ষিত বনাঞ্চলত শতাধিক প্ৰজাতিৰ পখিলা, সোণালী বান্দৰ, বাঘ, কেইবাটাও প্ৰজাতিৰ অৰ্কিড, বনৌষধিকে ধৰি আছে বহু আপুৰুগীয়া গছ-গছনি আছে । জিলাখনৰ এই বিশেষ উদ্যানখন শীঘ্ৰেই মৃত্যুৰ মুখৰ পৰা উভতাই আনি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :হোজাইত চোৰাং তেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details