অসম

assam

By

Published : Dec 31, 2021, 6:40 PM IST

ETV Bharat / state

ভূত বাংলোত পৰিণত হৈছে দীঘলী উপ-স্বাস্থ্যকেন্দ্ৰ

নামতহে আছে উপ-স্বাস্থ্যকেন্দ্ৰ । এগৰাকীও নাৰ্চ নাই ডিব্ৰুগড়ৰ দীঘলী উপ-স্বাস্থ্যকেন্দ্ৰত(Shortage of nursing staff in Dighalibeel health centre) । সাধাৰণ অসুখৰ বাবেও নাহৰকটীয়া অথবা দুলীয়াজানৰ হাস্পতাললৈ যাব লাগে ৰোগী । বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিত জৰাজীৰ্ণ অৱস্থা হৈছেগৈ দীঘলী উপ-স্বাস্থ্যকেন্দ্ৰৰ ।

Poor condition of Dighalibeel sub health centre
ভূত বাংলোত পৰিণত হৈছে দীঘলী উপ স্বাস্থ্যকেন্দ্ৰ

মৰাণ, ৩১ ডিচেম্বৰ : স্বাস্থ্য বিভাগৰ দায়িত্বহীনতা আৰু সদিচ্ছাৰ অভাৱৰ বাবে পঁয়ালগা অৱস্থা হৈছে ডিব্ৰুগড়ৰ চাচনীৰ ৰংপুৰ দীঘলী গাঁৱত থকা দীঘলী উপ-স্বাস্থ্যকেন্দ্ৰৰ(Pathetic condition of Dighalibeel sub health centre) । বিপদৰ সময়ত চিকিৎসক বিচাৰি হাহাকাৰ কৰিবলগীয়া হয় গাঁৱৰ ৰাইজে । তিনিখন গাঁৱৰ ৰাইজক সেৱা আগবঢ়োৱাৰ বাবে ৰংপুৰ দীঘলী গাঁৱত এই উপ-স্বাস্থ্যকেন্দ্ৰটো স্থাপন কৰা হৈছিল । কিন্তু পৰিতাপৰ কথা এয়ে যে, স্বাস্থ্যকেন্দ্ৰটো স্থাপন কৰাৰ পিছতো স্থায়ীভাৱে চিকিৎসক আৰু নাৰ্চ উপ-স্বাস্থ্যকেন্দ্ৰত নিযুক্তি নিদিলে স্বাস্থ্য বিভাগে (No medical team in Dighalibeel sub health centre)।

শেহতীয়াকৈ উপ-স্বাস্থ্যকেন্দ্ৰটোত থকা একমাত্ৰ নাৰ্চগৰাকীয়েও অৱসৰ গ্ৰহণ কৰাত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে গাঁওখনত থকা একমাত্ৰ উপ-স্বাস্থ্যকেন্দ্ৰটো । ফলত চিকিৎসাৰ বাবে গাঁৱৰ ৰাইজে গাঁঠিৰ ধন ভাঙি নাহৰকটীয়া অথবা দুলীয়াজান চহৰলৈ বাট বুলিবলগীয়া হয় । আনকি, চিকিৎসালয়খনত চিকিৎসক নথকাৰ বাবে সংকটজনক অৱস্থাত থকা ৰোগী অন্য চিকিৎসালয়লৈ নিবলগীয়া হয় আৰু চিকিৎসালয়লৈ নিয়া অৱস্থাত ৰোগীয়ে মৃত্যুবৰণ কৰাৰো উদাহৰণ আছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ।

ভূত বাংলোত পৰিণত হৈছে দীঘলী উপ স্বাস্থ্যকেন্দ্ৰ

আনহাতে, বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ বাবেই বছৰ বছৰ ধৰি স্বাস্থ্যকেন্দ্ৰটো জৰাজীৰ্ণ ৰূপতে পৰি আছে (Pathetic condition of Dighalibeel sub health centre) । উপ-স্বাস্থ্যকেন্দ্ৰটোৰ সকলো আচবাব নষ্ট হৈছে ।

ইফালে উপ-স্বাস্থ্যকেন্দ্ৰটোত চিকিৎসক আৰু নাৰ্চ নিযুক্তি দিবলৈ উৰ্ধ্বতম কৰ্তৃপক্ষক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো কোনো সুফল নাপালে গাঁৱৰ ৰাইজে । সেয়েহে, এই বিষয়টোত হস্তক্ষেপ কৰি অতি শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিধায়ক তৰংগ গগৈক ৰাইজে দাবী জনায় । যি সময়ত ৰাজ্য চৰকাৰে চিকিৎসালয় নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে, সেই সময়তে উপ-স্বাস্থ্যকেন্দ্ৰটো চিকিৎসক আৰু নাৰ্চৰ অভাৱত বন্ধ হৈ থকাৰ ফলত গাঁৱৰ খাটি খোৱা লোকসকলে চিকিৎসাৰ নামত হাৰাশাস্তি ভুগিবলগীয়া হয় ।

লগতে পঢ়ক: 12 জনৰ দেহত ক’ভিড; সাতদিনৰ বাবে তলা ওলমিল ধুবুৰী ষ্টেট বেংকৰ মূল শাখাত

For All Latest Updates

TAGGED:

dibrugarh

ABOUT THE AUTHOR

...view details