অসম

assam

ETV Bharat / state

আজিও অৱহেলিত মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ খোৱাং মইনা গাঁও - অৱহেলিত মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ খোৱাং মইনা গাঁও

পৰিৱৰ্তনকামী চৰকাৰৰ দিনতো অৱহেলিত হৈ থাকিল খোৱাং মইনা গাঁও ৷ মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ খোৱাং মইনা গাঁৱত সোমাব নোৱাৰে ১০৮বাহন ৷ চাৰিটা বছৰে মূল পথটোতে নপৰিল এটাও শিল ৷ বিধায়ক চক্ৰ গগৈৰ শাসনভাৰত অসন্তুষ্ট গাওঁবাসী ৷

poor condition of dibrugarh
অৱহেলিত মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ খোৱাং মইনা গাঁও

By

Published : Mar 11, 2020, 12:14 PM IST

মৰাণ,১১ মাৰ্চঃপৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি দিছপুৰ দখল কৰা বিজেপি চৰকাৰে চাৰিটা বছৰ পাৰ কৰিলে । কিন্তু মুখ্যমন্ত্ৰী জনৰ গৃহ জিলাতে উন্নয়ন বিচাৰি হাহাকাৰ কৰিব লগা হৈছে সাধাৰণ ৰাইজে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহভূমি মৰাণ আজিও সমস্যাৰ মাজতে জৰ্জৰিত । বৰ্তমানৰ বিধায়ক চক্ৰধৰ গগৈৰ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি সমূহ যেন ৰাইজৰ বাবে প্ৰতিশ্ৰুতিৰ মাজতে সীমাবদ্ধ হৈ ৰ'ল । চাৰিটা বছৰ পাৰ হোৱাৰ পাছতো সমষ্টিটোৰ গ্ৰাম্যাঞ্চল উন্নয়ন কৰাত চৰম ব্যৰ্থ হ'ল বিধায়কজন।

মৰাণ বিধানসভা সমষ্টিৰ খোৱাং পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ড অৰ্থাৎ হালধিবাৰী মইনা গাঁও আজিও অৱহেলিত হৈ থাকিল । চাৰিটা বছৰে গাঁওবাসীৰ সমস্যাৰ খবৰ ল'বলৈ সময় নাপালে বিধায়কজনে । কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে কাম কৰা বিধায়কজনে চাৰিটা বছৰে গাঁৱখনৰ মূল পথটো নিৰ্মাণ কৰিব নোৱাৰিলে । বানবিধস্ত ৰাইজে মূল পথটোত শিল পেলাই ছাত্ৰ ছাত্ৰীৰ লগতে বেপাৰ বাণিজ্যৰ লগত জড়িত ৰাইজক কষ্ট লাঘৱ কৰিবলৈ বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো বৰ্তমানলৈকে বিধায়কজনে ৰাইজৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিলে ।

আজিও অৱহেলিত মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ খোৱাং মইনা গাঁও

যোৱা বৰ্ষৰ বানপানীৰ সময়ত নাৱত উঠি বিধায়কজনে গাঁৱৰ সমস্যা বুজ লৈ ৰাইজক প্ৰতিশ্ৰুতি দিছিল বুঢ়ীদিহিং নদীৰ গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰ লগতে গাঁৱখনৰ মূল পথটোত শিল দিয়াৰ । কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত ৰাইজে অনুৰোধ কৰাৰ পাছতো বিধায়কে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে । মূল পথটো কোনো এখন চৰকাৰে নিৰ্মাণ কৰি নিদিয়াত বছৰ বছৰ ধৰি মইনা গাঁৱৰ ৰাইজে বোকা পানী গচকি যাতায়ত কৰি জীয়াতু ভুগি আহিছে । গাঁৱখনত সোমোৱাব নোৱাৰে ৰোগী কঢ়িয়াই নিয়া ১০৮ সেৱাৰ বাহন । এজাক বৰষুণৰ পাছতে বোকাময় হৈ পৰা মূল পথটো বাৰিষা খোজ কাঢ়িব নোৱাৰা হৈ পৰে । বাৰিষা ছাত্ৰ-ছাত্ৰী সকলে ২ কিলোমিটাৰ দূৰত চাইকেল থৈ বিদ্যালয় মহাবিদ্যালয়লৈ অহা যোৱা কৰিব লগা হয় । উন্নয়ন আৰু পৰিৱৰ্তনৰ ব্যাপক প্ৰচাৰ চলাই থকা সময়ত চৰকাৰী আঁচনিয়ে আজিও মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ গাঁৱসমূহকে ঢুকি নোপোৱা বিষয়টোৱে উন্নয়নৰ প্ৰকৃত ছবিখন যেন উদঙাই দিছে সাধাৰণ ৰাইজৰ সমুখত ৷

লগতে পঢ়কঃচাপৰৰ বাঙালডোবাত জব্দ অবৈধভাৱে মাটি কঢ়িওৱা ট্ৰেক্টৰ

ABOUT THE AUTHOR

...view details