মৰাণ,20 ছেপ্তম্বৰ: অপৰাধীৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী প্ৰশাসন কঠোৰ হোৱা সময়তে চৰাইদেউত আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুণ্ডাগিৰি চলোৱাৰ অভিযোগ ৷ চৰাইদেউৰ 25 নং এপিবিএন(APBN)ৰ জোৱানৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ অভিযোগ অনুসৰি 18 আগষ্টৰ নিশা কৰম পূজা চাই ঘৰলৈ উভতি অহাৰ সময়তে এপিবিএনৰ জোৱানে বাটত ৰখাই প্ৰহাৰ কৰিলে এজন যুৱকক ৷
প্ৰাপ্ত খবৰ মতে, দুজন যুৱকৰ লগত অহা পংকজ মাহান্তি নামৰ যুৱকজনক বাটত ৰখাই বাইকৰ নথি-পত্ৰ বিচাৰি হাৰাশাস্তি কৰে এপিবিএনৰ জোৱানে ৷ ভুক্তভোগী যুৱকজনে জানিবলৈ দিয়া অনুসৰি AS04BC3515 নম্বৰৰ এখন বাহনত আহি থকা সময়তে 25 নং এপিবিএনৰ জোৱানে বাটত ৰখাই নথি-পত্ৰ বিচৰাৰ লগতে যুৱকজনক প্ৰহাৰ কৰে ৷