মৰাণ, 27 জানুৱাৰী : ৰাজনৈতিক বাদানুবাদ, মতানৈক্য আদিৰে সদায়ে গৰম হৈ থাকে ৰাজ্যৰ ৰাজনীতি ৷ ৰাইজৰ স্বাৰ্থত শাসকীয়, বিৰোধী উভয়ৰে ৰাজনৈতিক নেতাসকলে ইজনে আনজনক কটাক্ষ কৰে ৷ এনে পৰিৱেশৰ মাজতে পুনৰবাৰ ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰে কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika criticizes Bhupen Borah) ৷
উল্লেখ্য যে, বুধবাৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ বাসগৃহত উপস্থিত হৈছিল কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika in Naharkatia) ৷ মন্ত্ৰীগৰাকীৰ উপস্থিতিৰ খবৰ লাভ কৰি সংবাদ মাধ্যমে তেওঁৰ সৈতে মত বিনিময় কৰে ৷ সাংবাদিকে সোধা কেইবাটাও প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে বিশেষকৈ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰে ৷
কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ মাত্ৰ কেইদিনমান পূৰ্বে ভূপেন বৰাই নিজকে অগ্নি নিৰ্বাপক বাহিনী বুলি উল্লেখ কৰিছিল ৷ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি এটা কবিতাও লিখিছিল ভূপেন বৰাই ৷ উক্ত কথাৰে আঁত ধৰি মন্ত্ৰী হাজৰিকাই উভতি ধৰি কয় যে, ভূপেন বৰা পানী নথকা অগ্নি নিৰ্বাপক বাহিনী ৷ যিয়ে জুই নুমুৱাবলৈ নহয়, জুই জ্বলোৱাতহে সহায় কৰে ৷
তদুপৰি ভূপেন বৰাই কবিতা লিখাৰ প্ৰসংগ টানি আনি পীযুষ হাজৰিকাই সদৰী কৰে যে, ভূপেন বৰাই কোনো নিৰ্বাচনত জয়ী হ’ব নোৱাৰে বুলি জানিয়েই কবিতা লিখা আৰম্ভ কৰিছে ৷ এক কথাত ক’বলৈ গ’লে বৰা এগৰাকী ফেইল পলিটিচিয়ান ৷ সেয়ে তেওঁৰ নতুন পেছাক শুভেচ্ছা জনোৱা বুলিও সদৰী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ আনহাতে, ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰী গৰাকীয়ে দুয়োখন আসনতে জিকিব বুলি দাবী উত্থাপন কৰে ৷
লগতে চাওক:PhD Scholar Found Dead: IIT গুৱাহাটীত পুনৰ গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু