ডিব্ৰুগড়, 27 জুলাই : ডিব্ৰুগড়ৰ বহু ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত চিকিৎসাৰ বাবে পৰ্যাপ্ত সুবিধা নথকাকৈ চিকিৎসা চলাই অহাৰ গুৰুত্বপূৰ্ণ অভিযোগ বিভিন্ন সময়ত উখাপিত হৈ আহিছে ৷ এনেধৰণৰ অভিযোগ সন্দৰ্ভত বিভিন্ন সময়ত চৰ্চা হৈ থকা সময়তে বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ ইউৰোভিজন হাস্পতালত ভুল চিকিৎসাৰ বাবে এগৰাকী ৰোগীৰ মৃত্যু হোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় ৷ ইউৰোভিজন হাস্পতালখনৰ বিৰুদ্ধে একেলগে ওলাই আহিছে ৰাইজ ৷ ইউৰোভিজন হাস্পতালখনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে আগতেও তাত চিকিৎসকৰ ভুলৰ বাবে ৰোগীৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে ৷
বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ ইউৰোভিজন হাস্পতালত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । মহিলাৰ ভুল চিকিৎসাৰ অভিযোগ তুলি ইউৰোভিজন হাস্পতালত প্ৰতিবাদ কৰে ৰাইজে । কালি নিশা চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে দুবছৰীয়া সন্তানৰ মাতৃ ডিব্ৰুগড়ৰ জামিৰা পাত্ৰ গাঁৱৰ ২২ বছৰীয়া পল্লৱী পাত্ৰৰ মৃত্যু হয় । কিডনী ষ্টোনৰ অস্ত্ৰোপচাৰৰ বাবে ইউৰোভিজন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মহিলা গৰাকীক । কিন্তু হিম’গ্লবিন কম হৈ থকাৰ পিছতো অস্ত্ৰোপচাৰ কৰাৰ ফলতে পল্লৱী পাত্ৰৰ মৃত্যুৰ অভিযোগ স্বামীৰ ।