অসম

assam

By

Published : Jul 5, 2021, 7:39 PM IST

Updated : Jul 9, 2021, 4:44 PM IST

ETV Bharat / state

বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ পুনঃযোগদানক লৈ তীব্ৰ চাঞ্চল্য

বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত 12 বছৰীয়া বনকৰা শিশুক নিৰ্যাতন কৰাৰ অভিযোগত মৰাণ মহাবিদ্যালয়ৰ নিলম্বন হোৱা প্ৰাক্তন অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ পুনৰ মহাবিদ্যালয়ত যোগদান ৷ বৰ্তমানৰ অধ্যক্ষৰ অজ্ঞাতে মহাবিদ্যালয়ত উপস্থিত হৈ সোমবাৰে অধ্যক্ষৰ আসনত বহে বিতৰ্কিত ড৹ মিতালী কোঁৱৰ ৷ ঘটনাক লৈ জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷

moran-college-suspended-principal-re-joining
নিলম্বিত অধ্যক্ষাৰ পুনঃযোগদানক লৈ তীব্ৰ চাঞ্চল্য

মৰাণ, 5 জুলাই :এগৰাকী 12 বছৰীয়া শিশুক নিৰ্যাতন চলাই নিলম্বন হোৱা মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা ড৹ মিতালী কোঁৱৰে পুনৰ যোগদান কৰাক লৈ সোমবাৰে সমগ্ৰ মৰাণত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ অজ্ঞাতে মহাবিদ্যালয়ৰ অধ্যক্ষৰ আসনত বহিল বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰ ৷ সেয়েহে বিতৰ্কিত অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে দল-সংগঠনসমূহে ৷ কোনো কাৰণতে বিতৰ্কিত অধ্যক্ষাগৰাকীক মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে মানি নলয় দল-সংগঠনসমূহে ৷

নিলম্বিত অধ্যক্ষাৰ পুনঃযোগদানক লৈ তীব্ৰ চাঞ্চল্য

উল্লেখ্য যে, বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মিতালী কোঁৱৰে নিজ বাসগৃহত শিশু শ্ৰমিক হিচাপে ৰখা এগৰাকী 12 বছৰীয়া শিশুৰ গাত গৰম পানী ঢালি অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ ইয়াৰ পাচতে স্বামীসহ গ্ৰেপ্তাৰ হৈ মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা পদৰ পৰা নিলম্বিত হৈছিল অধ্যক্ষাগৰাকী । এইগৰাকী বিতৰ্কিত অধ্যক্ষাই সোমবাৰে পুনৰ মৰাণ মহাবিদ্যালয়ত প্ৰৱেশ কৰে । মহাবিদ্যালয়খনৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰানাথ নাথৰ অনুপস্থিতিত তথা অজ্ঞাতে অধ্যক্ষৰ আসনত বহে ড৹ কোঁৱৰ ।

জানিব পৰা মতে, পৰিচালনা সমিতিৰ সিদ্ধান্ত মৰ্মে শিক্ষা বিভাগে তাৰানাথ নাথক ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে আৰু বৰ্তমানেও তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে ।

কিন্তু বৰ্তমানৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া মতে, বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনোধৰণৰ জাননী দিয়া নাই । তৎসত্বেও নিলম্বিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰে মহাবিদ্যালয়ত উপস্থিত হৈ অধ্যক্ষাৰ আসনত বহি শিক্ষা বিভাগৰ এখন নিৰ্দেশাৱলী মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ হাতত অৰ্পণ কৰে ৷ ইয়াৰ পাচতে সমগ্ৰ ঘটনাক লৈ মহাবিদ্যালয়ৰ ভিতৰে-বাহিৰে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

নিলম্বিত অধ্যক্ষাৰ পুনঃযোগদানক লৈ তীব্ৰ চাঞ্চল্য

এই ঘটনা সন্দৰ্ভত বৰ্তমানৰ অধ্যক্ষগৰাকীক মহাবিদ্যালয় পৰিচালনা সমিতিয়ে অধ্যক্ষৰ দায়িত্ব পালন কৰি থাকিবলৈ আহ্বান জনোৱা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ৷ উক্ত ঘটনাক লৈ জাঙুৰ খাই উঠে জিলাখনৰ বিভিন্ন দল-সংগঠন । লগতে অনাগত দিনত বিতৰ্কিত অধ্যক্ষাগৰাকী মহাবিদ্যালয়ত প্ৰৱেশ কৰিলে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলিও সংগঠনৰ নেতৃত্বই সাংবাদিকৰ আগত জানিবলৈ দিয়ে ।

লগতে পঢ়ক :টিংখাঙৰ নয়নমণিয়ে মাহিলী কেনেকৈ পায় অৰ্ধ লক্ষাধিক টকা ?

Last Updated : Jul 9, 2021, 4:44 PM IST

ABOUT THE AUTHOR

...view details