অসম

assam

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 5:03 PM IST

ETV Bharat / state

Amrit brikshya andolan:বনাঞ্চল ধ্বংস কৰি বনানীকৰণ কেনেদৰে সম্ভৱ ?

ডিব্ৰুগড়ৰ জয়পুৰত অমৃত বৃক্ষ আন্দোলনৰ নামত বিঘাই বিঘাই বনাঞ্চল ধ্বংসৰ অভিযোগ ৷ চৰকাৰ প্ৰশাসনৰ এই সিদ্ধান্তত ক্ষোভ প্ৰকাশ কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ ৷

amrit brikshya andolan
বৃক্ষ ৰোপণ কাৰ্যসূচী

বনাঞ্চল ধ্বংস কৰি বনানিকৰণ

ডিব্ৰুগড়, 13 ছেপ্টেম্বৰ :ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধিৰ বাবে অসম চৰকাৰে "অমৃত বৃক্ষ আন্দোলন" কাৰ্যসূচীৰ অধীনত সমগ্ৰ অসমতে ১ কোটি গছপুলি ৰোপনৰ এক পদক্ষেপ গ্ৰহণ কৰিছে । এই ক্ষেত্ৰত ডিব্ৰুগড় জিলাত পূৰ্ণগতিত প্ৰস্তুতি চলি আছে । ৰাজ্য চৰকাৰৰ সহযোগত ডিব্ৰুগড় প্ৰশাসনে নামৰূপৰ অভয়পুৰ গাঁৱত ২৫ একৰ মাটিত মাত্ৰ এক ঘণ্টাত ৩ লাখ ৫০ হাজাৰ গছপুলি ৰোপণ কৰাৰ প্ৰস্তুতি চলাইছে ।

গছপুলি ৰোপণ কাৰ্যসূচীৰ বাবে মাহযোৰা প্ৰস্তুতি চলাইছে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু নাহৰকটীয়াৰ স্থানীয় প্ৰশাসনে । নাহৰকটীয়া বিধানসভা সমষ্টিৰ জয়পুৰ উন্নয়ন খণ্ডৰ নামৰূপ অভয়পুৰ গাঁৱত গছপুলি ৰোপণ কৰিবলৈ লোৱা এই কাৰ্যসূচীক লৈ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । জয়পুৰত অমৃত বৃক্ষ আন্দোলনৰ নামত বিঘাই বিঘাই বনাঞ্চল ধ্বংসৰ অভিযোগ উত্থাপন কৰিছে দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে ।

জয়পুৰ বনাঞ্চলকে ধৰি জয়পুৰৰ কেইবাটাও ঠাইত বহু বছৰ পুৰণি বনাঞ্চল ধ্বংস কৰি এই অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচী কৰিবলৈ লোৱাত চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে । দুই দলৰ অভিযোগ, উক্ত অঞ্চলত থকা বহু কৃষক ৰাইজে দখল কৰি থকা কৃষিভূমিত এই গছপুলি ৰোপণ কৰিবলৈ বিচৰা হৈছে । ধ্বংস কৰি দিয়া হৈছে বিঘাই বিঘাই চাহ খেতি । কেৱল মাত্ৰ চৰকাৰৰ ধন আত্মসাৎ কৰাৰ অভিসন্ধি কৰি এই আঁচনি ৰূপায়ণ কৰাৰ চেষ্টা হৈছে বুলি অভিযোগ তুলিছে কংগ্ৰেছ আৰু জাতীয় পৰিষদে । মুঠৰ ওপৰত বৃক্ষ ৰোপনৰ নামত ডিব্ৰুগড় নাহৰকটীয়া জয়পুৰত বৃক্ষ ধ্বংস আন্দোলন কৰাৰ অভিযোগ দল-সংগঠন আৰু সচেতন ৰাইজৰ ।

লগতে পঢ়ক :Planting of Trees in Tinsukia: 4 লাখ গছপুলি ৰোপনেৰে বিশ্ব অভিলেখৰ বাবে সাজু তিনিচুকীয়া জিলা প্ৰশাসন

Amrit Brikshya Andolan in dhemaji:অমৃত বৃক্ষ আন্দোলনৰ পূৰ্ণ প্ৰস্তুতি ধেমাজিত

ABOUT THE AUTHOR

...view details