অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ডিব্ৰুগড়ত সক্ৰিয় আবকাৰী বিভাগ - ক‘ৰণাকালীন পৰিস্থিতি

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ বিভিন্ন জিলাৰ আবকাৰী বিভাগৰ দৰে ডিব্ৰুগড়ত সক্ৰিয় হৈছে আবকাৰী বিভাগ ৷ দুলীয়াজানত আবকাৰী বিভাগে চুলাই মদৰ ঘাটি উচ্ছেদ কৰি নষ্ট কৰিলে কেইবাশ লিটাৰ চুলাই ৷

operation-against-illegal-liquor-by-excise-department-of-dibrugarh
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ডিব্ৰুগড়ত সক্ৰিয় হৈছে আবকাৰী বিভাগ

By

Published : Jul 20, 2021, 10:52 PM IST

মৰাণ, 20 জুলাই :ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ প্ৰতিদিনে অসম আৰক্ষীয়ে (ASSAM POLICE) ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী ৷ উৎখাত কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ ড্ৰাগছৰ ঘাটি ৷ আনহাতে ৰাজ্যখনত ক‘ৰণাকালীন পৰিস্থিতিৰ অন্ত পেলোৱাৰ উদ্দেশ্যে এইবাৰ চৰকাৰে আৰক্ষীক ৰাজ্যৰ পৰা চুলাই মদৰ ঘাটিসমূহ নাইকিয়া কৰিবলৈ নিৰ্দেশ দিছে ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ডিব্ৰুগড়ত সক্ৰিয় হৈছে আবকাৰী বিভাগ

মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশ দিয়াৰ পাচতে ৰাজ্যৰ বিভিন্ন জিলাৰ আবকাৰী বিভাগৰ (Excise department) দৰে সক্ৰিয় হৈ পৰিছে ডিব্ৰুগড় জিলাৰ আবকাৰী বিভাগ । মঙলবাৰে দুলীয়াজানত আবকাৰী বিভাগে (Excise department) স্থানীয় আৰক্ষীৰ সহায়ত অভিযান চলাই চুলাই মদৰ ঘাটি উচ্ছেদ কৰি নষ্ট কৰিলে কেইবাশ লিটাৰ চুলাই মদ । উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাৰ টিংৰাই চাৰিআলিত দুলীয়াজান আবকাৰী বিভাগ আৰু টিংৰাই চাৰিআলি আৰক্ষী চকীৰ নেতৃত্বত অঞ্চলটোৰ বালিজান আৰু ৰজাআলি চাহ বাগিচা, খেৰবাৰী, খেৰেমীয়া,পাণবাৰী চেৰচেৰীয়াজানৰ বিভিন্ন অঞ্চলত ৰমৰমীয়াকৈ বহুদিনৰে পৰা চলাই অহা চুলাই মদৰ ঘাটিসমূহৰ উচ্ছেদ অভিযান আৰম্ভ কৰে ।

তাৰেই পৰিপ্ৰেক্ষিতত মঙলবাৰে বহু চুলাই বনোৱা সামগ্ৰী আৰু প্ৰায় ৫০০ লিটাৰ চুলাই জব্দ কৰি নষ্ট কৰে আবকাৰী বিভাগটোৱে । ইপিনে এই চুলাই মদৰ ঘাটিসমূহৰ উচ্ছেদ অভিযান ভৱিষ্যতেও চলি থাকিব বুলি আবকাৰী বিভাগে জানিবলৈ দিছে । মুঠৰ ওপৰত ৰাজ্যৰ নতুন চৰকাৰে এইবাৰ অবৈধ চুলাই মদৰ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । যাতে ৰাজ্যৰ পৰা এই নিচাজাতীয় সামগ্ৰীসমূহ নাইকীয়া কৰিব পাৰে ৷

লগতে পঢ়কঃ কপাহেৰে সাজিলে চাৰিলেনয়ুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতু

ABOUT THE AUTHOR

...view details