ডিব্ৰুগড়,21 এপ্ৰিল :মঙলবাৰে সন্ধিয়া নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ এগৰাকী কেডাৰে আত্মসমৰ্পণ কৰে ৷ যোৰহাট তিতাবৰ দীপাংকৰ গগৈ ওৰফে টাইচেং গগৈয়ে ডিব্ৰুগড়ৰ পল্টন বজাৰ সেনা শিবিৰত আত্মসমর্পণ কৰে। কেডাৰজনে আত্মসমর্পণৰ সময়ত এটা 9mm পিস্তলসহ 6টা সজীৱ গুলী জমা দিয়ে ৷
উল্লেখ্য যে, 2017 চনত কেডাৰজনে আলফা স্বাধীনত যোগদান কৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত প্ৰশিক্ষণ গ্ৰহণ কৰি অসমলৈ ঘূৰি আহিছিল ৷ তাৰ পাচতে 2020 চনত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় ৷ জামিন লাভ কৰি কেডাৰজনে পুনৰ আলফা সৈতে যোগসূত্র স্থাপন কৰি সাংগাঠনিক কাম- কাৰ্যত জড়িত হৈ পাৰিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ৷