অসম

assam

ETV Bharat / state

Police Suicide Case: গেৰুকামুখত চিপ লোৱা অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱানৰ মৃতদেহ - চিপ লৈ আত্মহত্যা

গেৰুকামুখত আৰক্ষীৰ থানা চৌহদৰ কোৱাৰ্টাৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে এজন আৰক্ষী জোৱানৰ মৃতদেহ (One policeman suicide at Gerukamukh) ৷ পৰিয়ালৰ লোকে এই ঘটনাক হত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

police  Suicide case at Gerukamukh
চিপ লোৱা অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান

By

Published : Feb 6, 2023, 7:30 AM IST

Updated : Feb 6, 2023, 8:11 AM IST

আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ

মৰাণ, 6 ফেব্ৰুৱাৰী: ৰাজ্যত সঘনাই আৰক্ষী জোৱানৰ আত্মহত্যাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে (Police Suicide Case) ৷ এইবাৰ ধেমাজি জিলাৰ গেৰুকামুখত শনিবাৰে পুৱা আৰক্ষীৰ থানা চৌহদৰ কোৱাৰ্টাৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে এজন আৰক্ষী জোৱানৰ মৃতদেহ (One policeman suicide at Gerukamukh) ৷ শুকুৰবাৰে নিশা জোৱানজনে এই ঘটনা সংঘটিত কৰে ৷ মৃত জোৱানজনৰ নাম চানু গগৈ(27) বুলি জানিব পৰা গৈছে ৷

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ১ নং নাচনী গাঁৱৰ নৃপেন গগৈ আৰু অনিমা গগৈৰ একমাত্ৰ পুত্ৰ চানু (policeman suicide case) ৷ প্ৰশিক্ষণ সামৰি আৰক্ষীত যোগদান কৰা দুমাহৰ পিচতে সংঘটিত হোৱা এই ঘটনাক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজে ৷ এই ঘটনা সংঘটিত কৰাৰ তিনি দিনৰ পূৰ্বে টিংখাঙৰ নিজ ঘৰলৈ আহিছিল চানু ৷ তেওঁ সকলোৰে লগত হাঁহি-মাতি পূৰ্বৰ দৰেই কথা পাতিছিল ৷ হঠাৎ চানুৱে এনে সিদ্ধান্ত কেতিয়াও ল’ব নোৱাৰে বুলি পৰিয়াল তথা ৰাইজে ‌আশ্চৰ্য প্ৰকাশ কৰে ৷

মৃত জোৱানগৰাকীৰ আত্মীয়ই সংবাদমাধ্যমক জানিবলৈ দিয়া মতে, কিছুদিনৰ পূৰ্বে ঘৰলৈ আহি মাটি ক্ৰয় কৰিছিল চানুৱে ৷ শেহতীয়াকৈ গাড়ী এখন লোৱা আৰু ঘৰ বনোৱাৰ কথাও বৰ উৎসাহেৰে কৈছিল ৷ চানু কোনোধৰণৰ মানসিক চাপত থকা যেনো লগা নাছিল ৷ ইমান হেঁপাহ থকা ল’ৰাজনে এনেকুৱা সিদ্ধান্ত ল’ব নোৱাৰে বুলি কান্দোনত ভাগি পৰে আত্মীয় ৷

ইফালে চানুৰ মৃতদেহ ফটোত দেখা মতে এইটো কেতিয়াও আত্মহত্যা হ’ব নোৱাৰে এয়া হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে বুলি আত্মীয়ই দাবী উত্থাপন কৰে ৷ চানু গগৈৰ মৃতদেহ নিজা বাসগৃহ আহি পোৱাৰ পিচতে সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷ এই ঘটনাক সহজভাৱে মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে । এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে চানুৰ পৰিয়ালে ৷

ইফালে চলিত বৰ্ষৰ জানুৱাৰীৰ 18 তাৰিখে গুৱাহাটী মহানগৰীৰ লালমাটিস্থিত গেম ভিলেজৰ A2 ব্লকৰ চতুৰ্থ মহলাৰ 403 নম্বৰ ফ্লেটত ৰমেন সূত্ৰধৰ নামৰ এজন কনিষ্টবলৰ মৃতদেহ উদ্ধাৰ হৈছিল (Suicide at Guwahati in Game Village) । বাক্সা জিলাৰ ৰমেন সূত্ৰধৰ নামৰ কনিষ্টবলজনে 1st APBNত প্ৰশিক্ষণৰত অৱস্থাত আছিল । প্ৰশিক্ষণৰত কনিষ্টবলজন মহানগৰীৰ গেম ভিলেজত বেটেলিয়েনটোৰ এটা অস্থায়ী শিবিৰত আছিল । মঙলবাৰে নিশা নিজৰ কৰ্তব্য সমাপন কৰি শিবিৰলৈ আহি আহাৰ গ্ৰহণ কৰি শুই পৰাৰ পিচতে পুৱা চিপ লৈ থকা অৱস্থাত ৰমেনক প্ৰত্য়ক্ষ কৰে একেটা কোঠাতে থকা আন এজন কনিষ্টবলে ।

লগতে পঢ়ক:Suicide in Guwahati: গুৱাহাটীৰ গেম ভিলেজত কনিষ্টবলৰ আত্মহত্যা

Last Updated : Feb 6, 2023, 8:11 AM IST

ABOUT THE AUTHOR

...view details