মৰাণত নাহৰফুটুকী পিঞ্জৰাবদ্ধ - বনবিভাগৰ দ্বাৰা পিঞ্জৰাবদ্ধ
বৃহত্তৰ মৰাণ অঞ্চলত বহুদিন ধৰি ৰাইজৰ মাজত চলাই আহিছিল সন্ত্ৰাস ৷
মৰাণ, 15 ছেপ্তেম্বৰ: শনিবাৰে নিশা অৱশেষত পিঞ্জৰাবদ্ধ হল বৃহত্তৰ মৰাণ অঞ্চলত বহুদিন ধৰি সন্ত্ৰাস চলাই অহা এটা নাহৰফুটুকী বাঘ ৷ খোৱাং আঞ্চলিক বনাঞ্চলৰ অধীনস্থ মৰাণ মেঘা চাহ বাগিচাত ৰাইজৰ সহযোগত বন বিভাগে পতা এটা পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকী বাঘটো ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, যোৱা কেইবাদিনো ধৰি বাগিচাখনত গৰু ,ছাগলী নিধন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটোৱে ৷ ইতিমধ্যে স্থানীয় ৰাইজে খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ এটা দল উপস্থিত হৈ বাঘটো উদ্ধাৰ কৰি ডিব্ৰুগড় জিলাৰ বন বিষয়া কাৰ্যালয়লৈ প্ৰেৰণ কৰে৷ বনবিভাগে ডিব্ৰগড় জিলা বন বিষয়াৰ সিদ্ধান্তৰ পাছতে পিঞ্জৰাবদ্ধ বাঘটোক কোনোবা এখন বনাঞ্চলত মুকলি কৰা হ'ব বুলি সংবাদিকৰ আগত জানিবলৈ দিয়ে ৷