অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু

আত্মীয়ক ৰক্ত দান কৰিবলৈ আহি পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে ডিব্ৰুগড়ৰ এজন যুৱকে ৷ মাজনিশা এক দুৰ্ঘটনাত পতিত হৈ লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিতোপন নেওগৰ মৃত্যু ৷

By

Published : Nov 27, 2020, 12:18 PM IST

ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু
ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু

ডিব্ৰুগড়, 27 নৱেম্বৰ:আত্মীয়ক ৰক্ত দান কৰিবলৈ আহি দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে লেজাই কলাখোৱা অঞ্চলৰ এজন 29 বছৰীয়া যুৱকে ৷ পথ দুৰ্ঘটনাত পতিত হৈ লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিতোপন নেওগে অকাল মৃত্যুক আঁকোৱালি লয় ৷

যুৱক গৰাকীৰ অকাল মৃত্যত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ

জানিব পৰা মতে বৃহস্পতিবাৰে অসম চিকিৎসা মহাবিদ্যলয়ত আত্মীয়ক ৰক্ত দান কৰাৰ বাবে যুৱক গৰাকী ওলাই আহিছিল ৷ 29 বৰ্ষীয় যুৱকজনে মাজনিশা এনেদৰে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই এতিয়া সমগ্ৰ লেজাই কলাখোৱা অঞ্চলত শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম নিয়া হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ

ABOUT THE AUTHOR

...view details