টিংখাং, 22 আগষ্ট: শনিবাৰে ডিব্ৰুগড়ৰ টিংখাঙৰ ৰাজগড়ত যুৰীয়া আইথানৰ প্ৰেক্ষাগৃহত সংবাদমেল সম্বোধন কৰে CAA বিৰোধী ঐক্য মঞ্চই ৷ সংবাদমেলত ঐক্য মঞ্চই কয় যে, বিজেপি চৰকাৰে প্ৰতিশোধৰ ৰাজনীতি আৰম্ভ কৰিছে । অখিল গগৈৰ ওপৰত এতিয়া ন ন ভুৱা গোচৰ জাপি তেওঁক মুক্তিৰ পথত বাধা দিয়া চেষ্টা কৰিছে । টিংখাং সমষ্টিত CAA বিৰোধী আন্দোলনৰ নেতা শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । প্ৰশান্ত ভূষনক তেওঁৰ দুটা টুইটক লৈ ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি দোষী সাব্যস্ত কৰিছে । চৰকাৰৰ জনবিৰোধী নীতিক সমালোচনা কৰা সকলো লোক জেলত বন্দী অথবা নিৰ্যাতনৰ বলি হৈছে ।
CAAৰ বিৰোধিতাৰে ঐক্য মঞ্চৰ সংবাদমেল উক্ত ঘটনাক ঐক্য মঞ্চই তীব্ৰ ভাষাৰে গৰিহণা দি মত প্ৰকাশৰ স্বাধীনতা অক্ষুন্ন ৰাখিবলৈ দাবী জনায় । ইয়াৰোপৰি, CAA বিৰোধী আন্দোলনৰ সকলো কাৰাবন্দীক মুক্তি আৰু প্ৰশান্ত ভূষনৰ ওপৰত ৰুজু কৰা গোচৰো উঠাই ল'বলৈ দাবী জনায় ঐক্য মঞ্চই ।
সংবাদ মেলযোগে মঞ্চই কয় যে, শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত লক্ডাউন শিথিল হোৱাৰ বাবে পুনৰ CAA বিৰোধী আন্দোলন আৰম্ভ হৈছে । কিন্তু সমান্তৰালভাৱে একাংশ তথাকথিত জাতীয়তাবাদী আৰু সুবিধাবাদী লোকে এসময়ত CAAৰ বিৰোধিতা কৰি এতিয়া শাসকীয় দলৰ কোলাত আশ্ৰয় লৈছে । মঞ্চই এনে কাৰ্যক নীচ মনোবৃত্তি বুলি আখ্যা দিয়াৰ লগতে এনে লোকক সমাজৰ পৰা বহিস্কাৰ কৰিবলৈ আহ্বান জনায় । ঐক্য মঞ্চই CAAৰ বিৰোধিতাৰে মঞ্চৰ সংকল্পৰ কথা পুনৰ দোহাই দি এলানি প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰে ।
আন্দোলনৰ কাৰ্যসূচী হিচাপে প্ৰথম পৰ্যায়ত CAA, EIA-2020 বাতিল আৰু চাহ শ্ৰমিকৰ মজুৰি সন্দৰ্ভত মঞ্চই 30 আগষ্টত টিংখাঙত এক মটৰ চাইকেল ৰেলী বাহিৰ কৰিব, দ্বিতীয় পৰ্যায়ত সমষ্টিৰ সকলোতে উল্লেখিত দাবীৰ সমৰ্থনত ব্যাপক পোষ্টাৰিং কৰা হ’ব আৰু তৃতীয় পৰ্যায়ত 8 ছেপ্তেম্বৰত ৰাজগড়ত এক বিশাল সংকল্প মিছিল বাহিৰ কৰি CAA বাতিলৰ দাবীৰে উচ্চতম ন্যায়ালয়লৈ স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক বিপ্লৱ বৰুৱা সহসম্পাদক বলিন্দ্ৰ শইকীয়া, বিতোপন বকলীয়াল আৰু অনন্ত মেচে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:বোৱাৰী নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত বিৰূপ মন্তব্যঃ গ্ৰেপ্তাৰ হ'ব পাৰে আৰক্ষী কনিষ্টবল