ডিব্ৰুগড়, 17 মাৰ্চঃ লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ জল্পনা-কল্পনা অব্যাহত থকাৰ মাজতে অসমৰ 14 টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপেৰে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব মেঘালয়ৰ কনৰাড চাংমাৰ দল এন পি পিয়ে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব এন পি পিয়ে ৷
খিলঞ্জীয়াৰ অধিকাৰৰ দাবীৰে প্ৰতিদ্বন্দিতা কৰিব NPP য়ে - DIBRUGARH
অগপৰ শেহতীয়া স্থিতিত অসমৰ জনসাধাৰণ ক্ষোভিত হৈ থকাৰ প্ৰসংগ উল্লেখ কৰি , ডিব্ৰুগড়ৰ পৰাই দৃঢ়তাৰে ক’লে সফলতাৰ কথা ...
উল্লেখ্য যে, দেওবাৰে ডিব্ৰুগড়ত এক সংবাদমেলৰ আহ্বান কৰি ৰাজ্যৰ প্ৰাকৃতিক সম্পদত অধিকাৰ , আন্তঃৰাজ্যিক পাৰপত্ৰ , উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সকলৰ সমস্যা সমাধান আদি দাবী সমূহক নিৰ্বাচনী ইচ্ছ্যু হিচাপে লৈ বিজেপি আৰু কংগ্ৰেছৰ তীব্ৰ প্ৰত্যাহ্বান এন পি পিৰ ৷ লক্ষণীয় যে, কিছুদিন পূৰ্বে অসমত আত্মপ্ৰকাশ কৰা এই দলটোত অগপৰ প্ৰাক্তন মন্ত্ৰী ভৱেন বৰুৱা আৰু অগপৰ বহু বিষয়ববীয়াই যোগদান কৰাৰ লগতে দেওবাৰে ডিব্ৰুগড়ৰ এক সাংগঠনিক সভাত উপস্থিত আছিল 20 টাৰো অধিক জাতি-জনগোষ্ঠীয় সংগঠন ৷
ইফালে , অগপৰ শেহতীয়া স্থিতিত অসমৰ জনসাধাৰণ ক্ষোভিত হৈ থকাৰ প্ৰসংগ উল্লেখ কৰি প্ৰথমবাৰতেই এন পি পিয়ে সফলতা লাভ কৰিব বুলি দৃঢ়তাৰে উল্লেখ কৰে এন পি পিৰ নেতৃত্বই ৷ অতিশীঘ্ৰে অসমৰ 14 টা সমষ্টিৰ পৰা প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বুলিও কয় এন পি পিয়ে ৷