অসম

assam

ETV Bharat / state

বিকলাৱস্থাত খোৱাঙৰ এটি জলসিঞ্চন উত্তোলন কেন্দ্ৰ - জলসিঞ্চন উত্তোলন কেন্দ্ৰ

খোৱাঙৰ বৰবিল বঙালী গাঁৱৰ জলসিঞ্চন উত্তোলন কেন্দ্ৰ বিকলাৱস্থাত ৷ পথাৰত কৃষকে পানী নোপোৱাৰ ফলত পথাৰত মেলিছে চিৰাল ফাঁট । কৃষক ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি ৷

no-works-of-irrigation-department
খোৱাঙৰ জলসিঞ্চন উত্তোলন কেন্দ্ৰ

By

Published : May 12, 2021, 12:42 PM IST

মৰাণ,12 মে’ : কৰ’ণাৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে কৃষক ৰাইজ ব্যস্ত হৈ পৰিছে পথাৰত । কিন্তু এইবাৰ বৰষুণৰ অভাৱত পথাৰত নাই পানী । ফলত বহু কৃষকে পথাৰত মাটি ফালিবলৈ সক্ষম হোৱা নাই । ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ বহু উত্তোলন কেন্দ্ৰও বিকল হৈ থকা পৰিলক্ষিত হৈছে ৷

খোৱাঙৰ জলসিঞ্চন উত্তোলন কেন্দ্ৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙৰ বৰবিল বঙালী গাঁৱত জলসিঞ্চন উত্তোলন কেন্দ্ৰ আছে যদিও দীৰ্ঘদিনে বিকল হৈ আছে কেন্দ্ৰটো ৷ যাৰ ফলস্বৰূপে কৃষকে পথাৰত পোৱা নাই পানী । ইয়াৰ পৰিপ্ৰেক্ষিতত পথাৰত মেলিছে চিৰাল ফাঁট ।

স্থানীয় লোকে জনোৱা মতে, বিদ্যুতৰ বিসংগতিৰ বাবে বহুদিনৰ পৰা উক্ত জলসিঞ্চন কেন্দ্ৰটো বিকল হৈ পৰি আছে । কিন্তু বিভাগীয় কৰ্তৃপক্ষই আজিও মেৰামতিৰ ব্যৱস্থা নকৰাৰ ফলত এতিয়া কৃষকে পথাৰত পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক :নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীলৈ 17 দফিয়া স্মাৰক পত্ৰ প্ৰেৰণ

ABOUT THE AUTHOR

...view details