মৰাণ, 18 ডিচেম্বৰ:অসমৰ গ্ৰাম্যজীৱনৰ এক পৰম্পৰা ন-খোৱা ৷ মৰাণ সমষ্টিৰ একাংশ যুৱক একত্ৰিত হৈ ব্যতিক্ৰমীভাৱে খোৱাঙৰ বুঢ়ীদিহিঙৰ পাৰত শুকুৰবাৰে অনুষ্ঠিত কৰে ন-খোৱা উৎসৱ ৷ খোৱাঙৰ লেজাই-কলাখোৱাকে আদি কৰি বহু বানপিড়ীত বহু লোকৰ ন খাবলৈ এমুঠি চাউল নথকাত উদ্যমী যুৱকসকলে সকলোকে এসাঁজ ন-ভাত খোৱাবৰ বাবে বুঢ়ীদিহিঙৰ পাৰত অনুষ্ঠিত কৰে পৰম্পৰাগত উৎসৱটি ৷
খোৱাঙৰ বুঢ়ীদিহিঙৰ পাৰত ন-খোৱা উৎসৱ - ন-খোৱা
মৰাণ সমষ্টিৰ একাংশ যুৱক একত্ৰিত হৈ খোৱাঙৰ লেজাই-কলাখোৱাকে আদি কৰি বানপিড়ীত লোকক লৈ এসাঁজ ন-ভাত খোৱাবৰ বাবে বুঢ়ীদিহিঙৰ পাৰত অনুষ্ঠিত কৰে পৰম্পৰাগত ন-খোৱা উৎসৱ ৷
ন-খোৱা
পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটোত মৰাণ সমষ্টিৰ বহু লোক উপস্থিত থাকি আনন্দ-উলাহেৰে তৃপ্তিৰে এসাঁজ ভোজন কৰে ৷ অনুষ্ঠান উপস্থিত থাকে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিজিত সন্দিকৈকে ধৰি বহু কেইগৰাকী সাংবাদিক আৰু বিশিষ্ট ব্যক্তি ৷