মৰাণ, 22মে’: দেশত মহামাৰী ক’ৰণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ সমান্তৰালভাবে ৰাজ্যতো ক্ৰমাৎ জটিল হৈ পৰিছে ক’ভিড পৰিস্থিতি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ মৰাণ আৰু খোৱাং অঞ্চলত ভয়ানকভাৱে বৃদ্ধি হৈ আছে ক'ভিড আক্ৰান্তৰ সংখ্যা ।
ইপিনে ৰাজ্য চৰকাৰে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ৷ সেই অনুসৰি এনে ভয়াৱহ পৰিস্থিতিত ডিব্ৰুগড় জিলা প্ৰশাসনে পদপথত থকা অস্থায়ী দোকানসমূহ বন্ধ ৰাখিবলৈ এক নিৰ্দেশনা জাৰি কৰিছিল ।
কিন্তু জিলা প্ৰশাসনৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি মৰাণ বামুণবাৰী তিনিআলিত দৈনিক পুৱা ৬ বজাৰ পৰা দিনৰ ১১ বজালৈ বিভিন্ন শাক-পাচলি বজাৰ বহাত গ্ৰাহকে দৈনিক ভিৰ কৰাৰ পৰিলক্ষিত হৈছে ।