ডিব্ৰুগড়,19 মাৰ্চঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ছাত্ৰ ৰাহুল ছেত্ৰীক নিয়াই ইউ এ(পি) আইনৰ অধীনত আগন্তুক 20 মাৰ্চত সাজু হ'বৰ বাবে এক চমন জাৰি কৰিছে ৷ নিয়াৰ এই নিৰ্দেশক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে গৰিহণা জনায় । নিয়াৰ চমন জাৰি কৰা কাৰ্যক কঠোৰ সমালোচনা কৰি এয়া অযুক্তিকৰ আৰু আক্ৰোশমূলক বুলি এক বিবৃতি যোগে অভিহিত কৰে বিশ্ববিদ্যালয়ৰ আছু গোটে ৷ লগতে উল্লেখ কৰে যে,অনাগত দিনত প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীক আছুৱে সমৰ্থন কৰাৰ লগতে ছাত্ৰ সমাজৰ বিৰুদ্ধে গ্ৰহণ কৰা চৰকাৰী পক্ষৰ এই পদক্ষেপৰ বিৰোধীতা কৰি যাব বুলি উল্লেখ কৰে ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদকক নিয়াৰ চমন - National Investigative Agency
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ নিয়াই চমন জাৰি কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদকক ৷ নিয়াৰ এই নিৰ্দেশৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়খনৰ আছু গোটে ৷
নিয়াৰ চমন জাৰি