অসম

assam

ETV Bharat / state

Covid situation in Dibrugarh : ক'ভিড পৰিস্থিতিক লৈ কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ - ক'ভিড পৰিস্থিতিক লৈ কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ

শেহতীয়াকৈ ডিব্ৰুগড় জিলাত ক'ভিডৰ ভয়ংকৰ সংক্ৰমণ আৰম্ভ হৈছে (Covid cases increased in Dibrugarh)। যাৰ বাবে জিলা প্ৰশাসনে কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে । ৯ বজাৰ লগে লগে সকলো দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব । ব্যৱসায়িক প্ৰতিষ্ঠানত বাধ্যতামূলক হ’ব মাস্ক ।

Covid situation in Dibrugarh
ক'ভিড পৰিস্থিতিক লৈ কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ

By

Published : Jan 19, 2022, 6:13 PM IST

ডিব্ৰুগড়, ১৯ জানুৱাৰী :ৰাজ্যত ক'ভিড পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Covid situation in Assam) । ৰাজ্যত প্ৰথম আৰু দ্বিতীয় ঢৌত যি ধৰণে ক'ভিড সংক্ৰমণ হৈছিল, তৃতীয় ঢৌ তাতকৈও ভয়ানক হৈ উঠিছে । পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৰাজ্যত দৈনিক আক্ৰান্তৰ সংখ্যা ৮০০০ অতিক্ৰম কৰিছে । যাৰ বাবে শংকিত হৈছে ৰাজ্যবাসী ।

ইতিমধ্যে স্বাস্থ্য বিভাগে ক'ভিড এছঅ'পি (SOP) প্ৰকাশ কৰাৰ সমান্তৰালকৈ জিলাসমূহেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্যৰ কিছুমান জিলাত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি হৈছে । তাৰ ভিতৰত ডিব্ৰুগড় জিলা অন্যতম । জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় জিলা প্ৰশাসনে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে (Covid cases increased in Dibrugarh)।

ক'ভিড পৰিস্থিতিক লৈ কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ

নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান নিশা ৯ বজাৰ লগে লগে বন্ধ কৰিব লাগিব । সামাজিক দূৰত্ব মানি সকলো দোকানত কেৱল মাত্ৰ পাঁচজন লোকেহে এবাৰত প্ৰৱেশ কৰিব পাৰিব । সকলো ৰেষ্টুৰেণ্ট, ধাবা আৰু হোটেলত দুটা ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰা গ্ৰাহকেহে যাব পাৰিব । মাস্ক পৰিধান কৰা গ্ৰাহককহে দোকানীয়ে সামগ্ৰী প্ৰদান কৰিব পাৰিব ।

প্ৰশাসনৰ এই নিৰ্দেশনা অমান্য কৰিলে দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা আইনৰ অধীনত যিকোনো ব্যক্তিকে জৰুৰীভাৱে আইনগতভাৱে ব্যৱস্থা ল'বলৈ প্ৰশাসন সাজু থাকিব বুলি নিৰ্দেশনাত প্ৰকাশ কৰা হৈছে । সোমবাৰৰ দিনটোলৈকে সমগ্ৰ ডিব্ৰুগড় জিলাত ক'ভিডত ৫০১ জনৰ দেহত ধৰা পৰিছিল । ইফালে ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশ আদালত আৰু কাৰ্যালয়ৰ দণ্ডাধীশ কৰ্মচাৰী অধিবক্তাসহ প্ৰায় ৪৬ জন লোকৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ।

লগতে পঢ়ক :ক'ভিড পৰীক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ সংশোধিত নিৰ্দেশনা জাৰী

ABOUT THE AUTHOR

...view details