অসম

assam

ETV Bharat / state

New born baby rescued: মৰাণত হাবিৰ মাজত জীৱন্তে উদ্ধাৰ নৱজাতক - তিলৈ সামূহিক চিকিৎসালয়

মৰাণত নলাত উদ্ধাৰ নৱজাতক ৷ কোনোবাই নিজৰ মুখলজ্জা ঢাকিবলৈ এইদৰে নৱজাতকটিক হাবিত পেলাই দিয়াৰ সন্দেহ কৰা হৈছে ।

New born baby rescued
মৰাণত হাবিৰ মাজত উদ্ধাৰ নৱজাতক

By

Published : Nov 21, 2022, 7:24 PM IST

Updated : Nov 21, 2022, 9:02 PM IST

ডিব্ৰুগড়, 21 নৱেম্বৰ: চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত বটামৰাত সোমবাৰে সন্ধিয়া এটি নৱজাতক উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । বটামৰাৰ পাইপ লাইনৰ সমীপৰ হাবিতলীয়া ঠাইৰ এটি নলাত উদ্ধাৰ হয় নৱজাতকটি (New born baby rescued at Moran) ৷ নলাটোত কান্দোন শুনি স্থানীয় লোকে বিচাৰ খোচাৰ কৰি প্ৰত্যক্ষ কৰে শিশুটিক ৷

স্থানীয় লোকে লগে লগে মৰাণহাট আৰক্ষী থানাত ঘটনাৰ বিষয়ে সদৰী কৰাত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হয় ৷ আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰি মৰাণৰ তিলৈ সামূহিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰে (Moran Tiloi CHC Community Health Center) । শিশুটি বৰ্তমান সম্পূৰ্ণ সুস্থ বুলি জানিবলৈ দিয়ে আৰক্ষী তথা চিকিৎসকে ।

মৰাণত হাবিৰ মাজত উদ্ধাৰ নৱজাতক

এই হৃদয়বিদাৰক ঘটনাক কেন্দ্ৰ কৰি এতিয়া মৰাণত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । শিশুটো আজি জন্ম হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে । কোনোবাই নিজৰ মুখলজ্জা ঢাকিবলৈ এইদৰে নৱজাতকটিক হাবিত পেলাই দিয়াৰ সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক:TAYPA Lachit Award : গুৱাহাটীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টাইপাৰ লাচিত দিৱসৰ আয়োজন

Last Updated : Nov 21, 2022, 9:02 PM IST

ABOUT THE AUTHOR

...view details