অসম

assam

ETV Bharat / state

শক্তিমন্ত্ৰী বিমল বৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ নামৰূপ আছুৰ - নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা

শক্তিমন্ত্ৰী বিমল বৰাই নামৰূপ তাপবিদ্যুৎ প্ৰকল্পৰ নতুন ৰিপ্লেচমেণ্ট প্ৰজেক্ট পৰিদৰ্শন কৰাৰ পাচত দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই ৷ তাপবিদ্যুৎ কেন্দ্ৰৰ 100 মেগাৱাট ৰিপ্লেচমেণ্ট প্ৰকল্পটোৰ সন্দৰ্ভত মন্তব্য কৰি 2018, 2019 আৰু 2020 চনত তিনিটাকৈ বৃহৎ দুৰ্ঘটনা সংঘটিত হোৱাত প্ৰকল্পটোৰ তদন্ত কমিটিৰ প্ৰতিবেদন কিয় ৰাজহুৱা কৰা নহ’ল বুলি প্ৰশ্ন কৰে ৷

Namrup aasu expresses anger against Power Minister Bimal Bora
শক্তিমন্ত্ৰী বিমল বৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ নামৰূপ আছুৰ

By

Published : May 31, 2021, 2:24 PM IST

নাহৰকটীয়া,31 মে': শনিবাৰে ৰাজ্যৰ শক্তি মন্ত্ৰী বিমল বৰাই নামৰূপ তাপবিদ্যুৎ প্ৰকল্পৰ নতুন ৰিপ্লেচমেণ্ট প্ৰজেক্টত উপস্থিত হোৱাৰ পাছত দেওবাৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈয়ে নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ 100 মেগাৱাট ৰিপ্লেচমেণ্ট প্ৰকল্পটোৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে, 2009 চনৰ পৰা নিৰ্মাণ হৈ থকা প্ৰকল্পটো বিগত পাঁচ বছৰে চৰকাৰে কোনো কাম কৰিব নোৱাৰিলে ৷ অথচ ৰাজ্যখনৰ বৃহৎ ৰাজকোষৰ ধন অপচয় কৰি প্ৰকল্পটোৰ নিৰ্মাণত ব্যয় বৃদ্ধিহে কৰিলে ৷

2018, 2019 আৰু 2020 চনত তিনিটাকৈ বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু নামৰূপবাসীয়ে দুৰ্ঘটনাৰ তদন্ত দাবী কৰাত চৰকাৰে তদন্ত কমিটি গঠন কৰিছিল ৷ কিন্তু আজি পৰ্যন্ত তদন্ত কমিটিৰ কোনো প্ৰতিবেদন ৰাজহুৱা নহ’ল ৷ কি কাৰণত এনে দুৰ্ঘটনা সংঘটিত হ’ল আৰু প্ৰকল্পটোত কাম কৰিব পৰাকৈ শ্ৰমিকসকল সুৰক্ষিত হয়নে নহয় আদি প্ৰশ্নবোৰ উহ্য হৈ পৰিল ৷

শক্তিমন্ত্ৰী বিমল বৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ নামৰূপ আছুৰ

শক্তি মন্ত্ৰীজনক নামৰূপ আছুৱে উক্ত ভ্ৰমণসূচীৰ বাবে আদৰণি জনাই কয় যে, নামৰূপত উপস্থিত হৈ তেওঁ তদন্ত কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ প্ৰয়োজন আছিল ৷ আছুৰ সদস্য়সকলে প্ৰকল্পটো নিৰ্মাণত লেহেমীয়া কৰাৰ আঁৰত এক ষড়যন্ত্ৰৰ সন্দেহ প্ৰকাশ কৰিছে ৷ ইয়াৰ উপৰিও নিৰ্মীয়মান সংস্থা ভাৰত হেভী ইলেকট্ৰিকেলচ লিমিটেড(BHEL)ৰ ওপৰত বিদ্যুত কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণহীনতাৰ চোকা সমালোচনা কৰে নামৰূপ আছুৱে ৷

লগতে পঢ়ক:পহুমাৰা নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহিল ৰাইজ

ABOUT THE AUTHOR

...view details