অসম

assam

ETV Bharat / state

নাহৰকটীয়াৰত অজাপৰ নিৰ্বাচনী প্ৰচাৰ - নাহৰকটীয়াত তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান

নাহৰকটীয়াত তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান । সমাগত বিধানসভা নিৰ্বাচনক লৈ ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ সভা । প্ৰলোভন বহুত হ'ল এইবাৰ সুস্থ জাতীয়তাবাদ প্ৰতিষ্ঠা হওঁক আৰু জাতীয়তাবাদে অসমখন আগুৱাই নিয়ক বুলি মন্তব্য লুৰিণ জ্যোতি গগৈৰ ।

নাহৰকটীয়াৰত অজাপৰ নিৰ্বাচনী প্ৰচাৰ
নাহৰকটীয়াৰত অজাপৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Mar 18, 2021, 12:57 PM IST

নাহৰকটীয়া, ১৮ মাৰ্চ: সমাগত বিধানসভা নিবাচনক লৈ ক্ৰমান্বয়ে আকৰ্ষণীয় হৈছে নিৰ্বাচনী প্ৰচাৰ সভাসমূহ ৷ আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি ৷ তাৰ মাজতে প্ৰতিটো ৰাজনৈতিক দলে ১২০ নং নাহৰকটীয়া বিধানসভা সমষ্টিত প্ৰান্তে প্ৰান্তে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ সমান্তৰালকৈ অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান ৷ বুধবাৰে নাহৰকটীয়াৰ বিভিন্ন অঞ্চলত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ (অজাপ)ৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । সমষ্টিটোৰ অন্তৰ্গত গেঠুপথাৰ, বৰ খেৰেমীয়া, ৰাজগড় ৰাঙলী, কছাৰী পথাৰ আৰু নামৰূপৰ কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় লুৰিণজ্যোতি গগৈয়ে ।

নাহৰকটীয়াৰত অজাপৰ নিৰ্বাচনী প্ৰচাৰ

প্ৰচাৰৰ সময়ত লুৰিণজ্যোতি গগৈয়ে প্ৰলোভনৰ ৰাজনীতিৰ কথা নকৈ ভৱিষ্যত প্ৰজন্মৰ শিক্ষা-দীক্ষা আৰু বিভিন্ন সমাজৰ উন্নয়নৰ কথা আলোচনা কৰে । প্ৰলোভন বহুত হ'ল নিৰ্বাচনী প্ৰচাৰ সভাত গগৈয়ে এইবাৰ সুস্থ জাতীয়তাবাদ প্ৰতিষ্ঠা হওঁক আৰু জাতীয়তাবাদে অসমখন আগুৱাই নিয়ক বুলি বক্তব্য কৰে । সভাত বহুমূলীয়া ভোট প্ৰদান কৰি তেখেতক জয়যুক্ত কৰিবলৈ আহ্বান জনাই ৰাইজক ।

লগতে পঢ়ক: খং কমিল: দিছপুৰত নিৰ্বাচন নেখেলে জয়ন্ত দাসে

ABOUT THE AUTHOR

...view details