অসম

assam

ETV Bharat / state

নাহৰকটীয়াৰ বিপণীত আছুৰ অভিযান - কৰ’ণা

কৰ’ণা সৃৃষ্ট পৰিৱেশৰ সুযোগ লৈ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ অবাধ হাৰত মুল্যবৃদ্ধি কৰে ৷ সেয়েহে সাধাৰণ জনতাই যাতে দুৰ্ভোগ ভূগিবলগা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি নাহৰকটীয়াৰ আছু কৰ্মীসকলে দোকানে দোকানে অভিযান চলায় ৷

নাহৰকটীয়াত গেলামালৰ দোকানে দোকানে আছুৰ অভিযান
নাহৰকটীয়াত গেলামালৰ দোকানে দোকানে আছুৰ অভিযান

By

Published : Apr 26, 2021, 10:00 AM IST

মৰাণ,26 এপ্ৰিল: এফালে ৰাজ্যত কৰ’ণাৰ সংহাৰী ৰূপ, আনহাতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মুল্যবৃদ্ধি । কৰ’ণা সৃষ্ট পৰিৱেশৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ অবাধ হাৰত মুল্যবৃদ্ধি কৰিছে । বিগত ২৪ ঘণ্টাৰ ভিতৰত আলু, পিঁ‌য়াজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে বুলি জানিব পৰা গৈছে ।

নাহৰকটীয়াত গেলামালৰ দোকানে দোকানে আছুৰ অভিযান

এনে মূল্যবৃদ্ধিৰ মাজতেই শনিবাৰে নাহৰকটীয়াৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ বিপণীত অভিযান চলাই নাহৰকটীয়াৰ আছু কৰ্মীসকলে । আছু কৰ্মীসকলে নগৰখনৰ গেলামালৰ খুচুৰা আৰু পাইকাৰী ব্যৱসায়ীসকলৰ বিপণীত গৈ ব্যৱসায়ীসকলক কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নকৰিবলৈ সকীয়নি প্ৰদান কৰে । লগতে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া মূল্যত গ্ৰাহকক সা-সামগ্ৰী বিক্ৰী কৰিবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে, স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি একাংশ অসাধু ব্যৱসায়ীয়ে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি নিশাটোৰ ভিতৰতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে । সেয়ে সাধাৰণ জনতাই যাতে দুৰ্ভোগ ভূগিবলগা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি নাহৰকটীয়াৰ দোকানে দোকানে আছুৱে অভিযান চলায় ৷

লগতে পঢ়ক :সাংবাদিকক সংবাদ গ্ৰহণত বাধা অ’এনজিচি কৰ্তৃপক্ষৰ

ABOUT THE AUTHOR

...view details