অসম

assam

ETV Bharat / state

ছ'চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ চলাই ডিব্ৰুগড় আৰক্ষীৰ জালত নগাঁও কলেজৰ ছাত্ৰ

ডিব্ৰুগড়ত CAA বিৰোধী আন্দোলনত লাহোৱাল পলিটেকনিকৰ এগৰাকী ছাত্ৰী আৰক্ষীৰ প্ৰহাৰত নিহত হৈছিল বুলি নগাঁৱৰ এজন ছাত্ৰই ভুৱা প্ৰচাৰ চলাইছিল ৷ দেওবাৰে ডিব্ৰুগড় আৰক্ষীয়ে অভিযুক্ত ছাত্ৰ জনক গ্ৰেপ্তাৰ কৰে ৷

By

Published : Dec 22, 2019, 4:49 PM IST

Nagaon
ডিব্ৰুগড় আৰক্ষীৰ জালত নগাঁও কলেজৰ ছাত্ৰ

ডিব্ৰুগড়, 22 ডিচেম্বৰঃ দেওবাৰে ছচিয়েল মিডিয়াত ভুৱা প্ৰচাৰ চলাই নগাঁও কলেজৰ এজন ছাত্ৰ ডিব্ৰুগড় আৰক্ষীৰ জালত পৰে ৷ লাহোৱাল পলিটেকনিকৰ এগৰাকী ছাত্ৰী আৰক্ষীৰ প্ৰহাৰত ছহিদ হোৱা বুলি ফেচবুকত ভুৱা প্ৰচাৰ চলাইছিল অভিযুক্ত ছাত্ৰ জনে ৷ আটকাধীন যুৱক জন পৰশ মণি দাস বুলি জানিব পৰা গৈছে ৷

ডিব্ৰুগড় আৰক্ষীৰ জালত নগাঁও কলেজৰ ছাত্ৰ
উল্লেখ্য যে, 11 ডিচেম্বৰত লাহোৱাল থানাৰ অন্তৰ্গত বকুলত CAA বিৰোধী প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰা লাঠিচালনাত স্বেতা ঠাকুৰীয়া নামৰ এজনী ছাত্ৰী সামান্য আহত হৈছিল । অভিযোগ অনুসৰি ইয়াৰ পাচতে অভিযুক্ত ছাত্ৰ জনে ফেচবুকত ছাত্ৰী গৰাকীৰ ফটো দি প্ৰথম ছহিদ বুলি অপপ্ৰচাৰ চলাই । ডিব্ৰুগড় আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত গোচৰ পঞ্জীয়ন কৰি নগাঁৱৰ পৰা অভিযুক্ত ছাত্ৰ জনক গ্ৰেপ্তাৰ কৰে । ইফালে ডিব্ৰুগড়ত বিগত দিনত সংশোধিত নাগৰিকত্ব আইন খনৰ বিৰোধিতাৰ প্ৰতিবাদকাৰী হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে ইতিমধ্যে আৰক্ষীয়ে 52 জন লোকক গ্ৰেপ্তাৰ কৰিছে।

ABOUT THE AUTHOR

...view details