অসম

assam

ETV Bharat / state

40 বছৰৰ অন্তত মটক স্বায়ত্ব শাসিত পৰিষদ গঠন - ডিব্ৰুগড়

40 বছৰৰ অন্তত মটক স্বায়ত্ব শাসিত পৰিষদ গঠন ৷ উৎফুল্লিত মটক যুৱ ছাত্ৰ সন্মিলন ৷ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন সংগঠনটোৰ ৷

motok-autonomus-council-from
40 বছৰৰ অন্তত মটক স্বায়ত্ব শাসিত পৰিষদ গঠন

By

Published : Feb 16, 2021, 10:27 PM IST

ডিব্ৰুগড়, 16 ফেব্ৰুৱাৰী :সুদীৰ্ঘ 40 বছৰৰ দীৰ্ঘদিনীয়া দাবী, প্ৰতিবাদ আৰু প্ৰত্যাশাৰ অন্তত নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ অন্যতম জনগোষ্ঠী মটক সকলকৰ বাবে গঠন হ'ল মটক স্বায়ত্ত শাসিত পৰিষদ । কেবিনত সিদ্ধান্তৰ পাছতে ৰাজ্যপালে আনুষ্ঠানিক মোহৰ মাৰি গঠন কৰিলে এই পৰিষদ । যাক লৈ এতিয়া জনগোষ্ঠীটোৰ অন্যতম সংগঠন মটক যুৱ ছাত্ৰ সন্মিলন স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ।

এই পৰিষদ গঠনৰ পাছতে সংগঠনটোৰ ডিব্ৰুগড়ৰ কাৰ্যালয়ত সংগঠনৰ নেতৃবৰ্গৰ আনন্দ উল্লাস মিঠাই খোৱাই, মটক সংগঠনৰ জয়ধ্বনি দিয়ে । উল্লেখ যে, স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীৰে দীৰ্ঘদিন আন্দোলন, ত্যাগ স্বীকাৰ কৰি অহা সংগঠনৰ সভাপতি ডেভিদ চেতিয়াক মুখ্য কাৰ্য্যবাহী হিচাপে নিযুক্ত দিয়া হৈছে পৰিষদত । নিযুক্তি লাভ কৰাৰ পিচতে তেওঁ ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় । পৰিষদৰ কাৰণে অতীতত ত্যাগ স্বীকাৰ কৰা জনগোষ্ঠীয় ব্যক্তি, ভাতৃ সংগঠনক প্ৰশংসা জনাই মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে । পূৰ্বৰ কংগ্ৰেছ চৰকাৰক বহুবাৰ আবেদন কৰি সুফল নোপোৱাৰ আক্ষেপেৰে বিজেপি চৰকাৰে এই পৰিষদ গঠনত গুৰুত্ব লোৱা কাৰ্যক শলাগে ডেভিদ চেতিয়াই । লগতে, পৰিষদৰ যোগেদি কেনেকৈ জনগোষ্ঠীৰ উন্নয়ন সাধনত গুৰুত্ব দিব, তাতো দৃষ্টি ৰাখিব বুলি কয় বিষয়া গৰাকীয়ে ।

40 বছৰৰ অন্তত মটক স্বায়ত্ব শাসিত পৰিষদ গঠন

আনহাতে, মঙলবাৰে ডিব্ৰুগড়ৰ চৌকিদিংঙীস্থিত কাৰ্যালয়ত এই পৰিষদ গঠনৰ প্ৰথম প্ৰতিক্ৰিয়া হিচাপে সন্মিলনৰ মিন্টু বৰপাত্ৰ গোহাঁইয়ে নিৰ্বাচনৰ প্ৰাকক্ষণত এই ঘোষণাক লৈ বিজেপি চৰকাৰ, বিধায়ক ঋতুপৰ্ণ বৰুৱা, বিনোদ হাজৰিকাক ধন্যবাদ জনাই চৰকাৰৰ এই সিদ্ধান্তক উষ্ম আদৰণি জনায় ।

লগতে পঢ়ক :শ্ৰমিকৰ প্ৰতিবাদত স্তব্ধ দুলীয়াজান অইল ইণ্ডিয়া লিমিটেড

ABOUT THE AUTHOR

...view details