মৰাণ, 8 অক্টোবৰ : চাৰিদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে উজনি অসমৰ তৈল উদ্যোগিক চহৰ দুলীয়াজানত উপস্থিত হয় অসম বিধাসভাৰ এটি সঁজাতি দল । দুলীয়াজানৰ অসম গেছ কোম্পানী(Assam Gas Company)ৰ লগতে দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেড(DNPL) পৰিদৰ্শন কৰে অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগ সমিতিৰ সদস্যসকলে ।
অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগ সমিতিৰ অধ্যক্ষ তথা পশ্চিম গুৱাহাটী সমষ্টি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা(Ramendra Narayan Kalita)ৰ নেতৃত্বত সঁজাতি দলটোৱে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে দুলীয়াজান পৰিভ্ৰমণ কৰে । বিভিন্ন বিষয়ৰ সৈতে অসম গেছ কোম্পানীৰ কৰ্প’ৰেট কাৰ্যালয়ত এক বৈঠকত মিলিত হয় অসম গেছ কোম্পানীৰ বিষয়াৰ লগতে ৰাজহুৱা উদ্যোগ সমিতিৰ সদস্যসকলে ।
বৈঠকত প্ৰতিষ্ঠানটোৰ সামাজিক দায়িত্ব, বাণিজ্য, লাভ-লোকচান আদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ৷ তদুপৰি দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেড চমুকৈ DNPL পৰিদৰ্শন কৰি প্ৰতিষ্ঠানটোৰ কাম-কাজ, কাৰ্যক্ষেত্ৰ আদি কৰি সকলোবোৰ দিশৰ বুজ লয় সদস্যসকলে ।