অসম

assam

ETV Bharat / state

সৌৰভ দাসৰ ঘৰত মৰাণৰ বিধায়ক

শুকুৰবাৰে নিশা লেজাইৰ দলংঘাটৰ ৰহিমুদ্দিন আলীৰ কন্যা তথা প্ৰেমিকাক লগ ধৰিবলৈ আহি সন্ধানহীন হৈ আছিল সৌৰভ দাস ৷ অৱশেষত চেঁচা নদীত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ ৷

By

Published : Jun 22, 2020, 12:32 PM IST

MLA of Moran Chakradhar Gogoi has present at Sourabh Das's home
সৌৰভ দাসৰ ঘৰত মৰাণৰ বিধায়ক

মৰাণ, 22 জুন : ডিব্ৰুগড়ৰ লেজাইত প্ৰেমিকাক লগ ধৰিবলৈ আহি কৰুণ মৃত্যুক সাৱতি লোৱা সৌৰভ দাসৰ ঘৰত সোমবাৰে উপস্থিত হয় মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ । বিধায়কজনে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সৌৰভৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ আশ্বাস দিয়ে পৰিয়ালৰ লোকক । গগৈয়ে উপস্থিত ৰাইজক আইন ভংগ নকৰিবলৈও অনুৰোধ জনায় ।

সৌৰভ দাসৰ ঘৰত মৰাণৰ বিধায়ক

উল্লেখ্য যে,লেজাইৰ দেৱানবাৰীৰ নিবাসী দিলীপ দাসৰ পুত্ৰ সৌৰভ দাসে (20) শুকুৰবাৰে নিশা লেজাইৰ দলংঘাটৰ ৰহিমুদ্দিন আলীৰ কন্যা তথা প্ৰেমিকাক লগ ধৰিবলৈ আহি সন্ধানহীন হৈ আছিল । প্ৰেমিকাগৰাকীৰ পিতৃয়ে নিশাই পৰিয়ালৰ লোকক যুৱকজনে চেঁ‌চা নদীত জাপ দিছে বুলি অৱগত কৰাত শনিবাৰে পুৱাৰে পৰা যুৱকজনৰ সন্ধানত ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত এচ ডি আৰ এফ দলে চেঁ‌চা নদীত বিয়লিলৈকে অভিযান চলায় যদিও যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম নহয় । যাৰ ফলত শনিবাৰে দিনটোত উক্ত অঞ্চলটোত ঘটনাক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় ৷ অৱশেষত দেওবাৰে শিৱসাগৰৰ পৰা অহা এচ ডি আৰ এফৰ এটা দলে প্ৰায় দুই ঘন্টা ধৰি চেঁ‌চা নদীত অভিযান চলাই লেজাই দলংঘাটৰ পৰা প্ৰায় দুই কিলোমিটাৰৰ ভিতৰত চেঁ‌চা নদীৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে । মৃতদেহটো সৌৰভ দাসৰ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰাৰ পিছতেই অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় । যুৱকজনৰ চকু,মুখ,ডিঙি,পিঠি আদিত আঘাতৰ চিন স্পষ্ট হোৱাত এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰে উপস্থিত ৰাইজে ।

ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হস্পাতালত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ কৰাৰ পাছতে দেওবাৰে ৰাতি প্ৰশাসনক নিৰাপত্তা বেষ্টনীৰ মাজতে ৰাইজে সৌৰভৰ শেষকৃত্য সম্পন্ন কৰে । এই ঘটনা সন্দৰ্ভত প্ৰেমিকা গৰাকীৰ পিতৃ ৰহিমুদ্দিন আলী, বৰদেউতাক বাহাদুৰ চাহ আলী আৰু প্ৰেমিকা গৰাকীৰ মাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰেমিকাগৰাকীকো আৰক্ষীয়ে জিম্মাত ৰাখিছে । ইফালে উক্ত অঞ্চলটোত শনিবাৰে নিশাৰ ভাগত উত্তেজিত ৰাইজে আৰক্ষীৰ গাড়ীলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে এখন মটৰ চাইকেল ক্ষতিসাধন কৰাৰ পিছৰে পৰা সমগ্ৰ লেজাই অঞ্চলত প্ৰশাসনে সান্ধ্য আইন জাৰি কৰিছে । এই সান্ধ্য আইনৰ মাজতে আজি ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত স্থানীয় ৰাইজে "হত্যাকাৰীক ফাঁচী দিয়ক,মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়ক' আদি শ্ল'গানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলাত আৰক্ষীয়ে লাঠী চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

লগতে পঢ়ক: নয়ডাত 50টা মেট্ৰ' ষ্টেচন তৃতীয় লিংগৰ বাবে উৎসৰ্গা

ABOUT THE AUTHOR

...view details