অসম

assam

By

Published : Jul 21, 2023, 7:09 AM IST

ETV Bharat / state

Constituency Delimitation 2023 : ৰাজনৈতিকভাৱে আছুৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নাই; বিধায়ক বিনোদ হাজৰিকা

ৰাজনৈতিকভাৱে আছুৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নাই বুলি লাহোৱালত সংবাদ মাধ্যমৰ আগত ক’লে বিজেপি বিধায়ক বিনোদ হাজৰিকাই ৷ দলটোৰ প্ৰাক্তন উপদেষ্টা বসন্ত ডেকাৰ প্ৰসংগতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক হাজৰিকাই ৷

MLA Binod Hazarika in Dibrugarh
বিশুদ্ধ খোৱা পানীৰ আঁচনি শুভাৰম্ভ কৰা অনুষ্ঠান

বিশুদ্ধ খোৱা পানীৰ আঁচনি শুভাৰম্ভ কৰা অনুষ্ঠান

ডিব্ৰুগড়, ২১ জুলাই : ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতা কৰ্মীসকলৰ দৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক মুকলি সমৰ্থন জনোৱাৰ পিচতেই ৰাজ্যত আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । সমষ্টি পুনৰ নিৰ্ধাৰণত আছুৰ স্থিতিক লৈ সৰ্বত্ৰে চলি থকা প্ৰতিক্ৰিয়া সন্দৰ্ভত বৃহস্পতিবাৰে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, 'সদৌ অসম ছাত্ৰ সন্থা নিজৰ স্থিতিত অটল । আছুৱে দীৰ্ঘদিনৰ পৰাই দাবী জনাই আহিছে "সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব লাগে" । ৰাজনৈতিকভাৱে আছুৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নাই। আছুৰ কোনো মত হয়তো আমাৰ সৈতে মিলিব পাৰে ।'

আছুৰ স্থিতিৰ বিৰোধিতা কৰা দলটোৰ প্ৰাক্তন উপদেষ্টা বসন্ত ডেকাৰ প্ৰসংগত বিধায়ক বিনোদ হাজৰিকাই কয়, ' Past is past তেওঁ আছুত আছিল এতিয়া নাই, মই আজি বিধায়ক, কাইলৈ নাথাকিবও পাৰো । গতিকে বসন্ত ডেকাৰ কথাৰ কোনো গ্ৰহণযোগ্যতা নাই ।' বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ লেকাই কালি মন্দিৰৰ প্ৰাংগণত জিলা পৰিষদৰ যোগেদি পঞ্চম দশক বিত্তীয় আয়োগৰ অধীনত আৱণ্টন লাভ কৰা ৫ লাখ টকাৰে নিৰ্মাণ কৰা বিশুদ্ধ খোৱাপানীৰ আঁচনি শুভাৰম্ভ কৰা অনুষ্ঠানত এই মন্তব্য আগবঢ়াই লাহোৱাল সমষ্টিৰ বিজেপি বিধায়ক বিনোদ হাজৰিকাই ।

অনুষ্ঠানটোত উপস্থিত থাকে জিলা পৰিষদৰ উপ-সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল । খনিকৰ মণ্ডলৰ সভাপতি ৰাহুল দেৱ সোণোৱালৰ লগতে দলৰ কৰ্মকৰ্তাসকল । উল্লেখযোগ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণেৰে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । 1957 চনতে গঠিত হোৱা লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত মুকলি ক্ষোভ,অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সমষ্টিবাসীয়ে লাহোৱালত বন্ধ ঘোষণা কাৰ্যসূচী ৰূপায়ণ কৰিও প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

লগতে পঢ়ক :Monsoon Session : মণিপুৰৰ যৌন নিৰ্যাতনৰ ভিডিঅ' সন্দৰ্ভত সদনক জনাওক; প্ৰধানমন্ত্ৰীক দাবী কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details