অসম

assam

ETV Bharat / state

দিহিঙৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ - erosion in dihing river

দিহিঙৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ বিগত কিছুদিন ধৰি ধাৰাষাৰ বৰষুণৰ ফলত দিহিং নদী ফেনে-ফুটুকাৰে বাঢ়ি আহি দিহিঙৰ মথাউৰিৰ প্ৰায় পঞ্চাশ মিটাৰ খহাই নিছিল ৷ মঙলবাৰে শিৱসাগৰ জিলাৰ মৰাণৰ সমীপৰ নিতাইপুখুৰী মৌজাৰ লাইবল-লাচনগাঁও তিনিআলিৰ মাজত অৱস্থিত দিহিঙৰ মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

minister-pijush-hazarika-visited-to-see-erosion-of-dihing-at-nitaipukhuri
নিতাইপুখুৰীত দিহিঙৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

By

Published : Jun 15, 2021, 8:55 PM IST

মৰাণ, 15 জুন : অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই মঙলবাৰে শিৱসাগৰ জিলাৰ মৰাণৰ সমীপৰ নিতাইপুখুৰী মৌজাৰ লাইবল-লাচনগাওঁ তিনিআলিৰ মাজত অৱস্থিত দিহিঙৰ মথাউৰি পৰিদৰ্শন কৰে ৷ উল্লেখ্য যে, বিগত কিছুদিন ধৰি ধাৰাষাৰ বৰষুণৰ ফলত দিহিং নদী ফেনে ফুটুকাৰে বাঢ়ি আহি দিহিঙৰ মথাউৰিৰ প্ৰায় পঞ্চাশ মিটাৰ খহাই নিছিল ৷ যাৰবাবে অঞ্চলৰ ৰাইজৰ মাজত এক আতংকময় পৰিস্থিতিৰ উদ্ভৱ হৈছিল ৷

নিতাইপুখুৰীত দিহিঙৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

মঙলবাৰে মন্ত্ৰীগৰাকীয়ে দিহিঙৰ মথাউৰিৰ কামৰ বুজ লোৱাৰ লগতে জলসম্পদ বিভাগৰ উজনি অসম সংমণ্ডলৰ অতিৰিক্ত মূখ্য অভিযন্তা আইভি বৰগোহাঁই দাসগুপ্ত, শিৱসাগৰ জিলা জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা প্ৰবীন ভূঞা, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণুকমল বৰা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ লগতে জলসম্পদ বিভাগৰ ডিমৌ সংমণ্ডলৰ অধীক্ষক অভিযন্তা গীতিমণি হাজৰিকাৰ সৈতে আলোচনাত মিলিত হয় ৷

মন্ত্ৰী পীযুষ হাজৰিকাই ডিচেম্বৰৰ পৰা দিহিঙৰ মথাউৰিৰ স্থায়ী প্ৰতিৰোধৰ কাম হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ চেঁচামুখৰ মথাউৰি পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে থাওৰা সমষ্টিৰ বকতাত ভগ্ন মথাউৰি পৰিদৰ্শন কৰে ৷

লগতে পঢ়ক : অৱশেষত জামিন লাভ দেবাংগনা কলিতাৰ

ABOUT THE AUTHOR

...view details