অসম

assam

ETV Bharat / state

নাহৰকটীয়াত উপস্থিত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত - NAHARKATIA

দলীয় কৰ্মী সভাত অংশগ্ৰহণৰ উদ্দেশ্যৰে নাহৰকটীয়াত উপস্থিত হয় সোণোৱাল মন্ত্ৰী সভাৰ দুগৰাকী মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত ৷ দলীয় সভাত অংশগ্ৰহণৰ পাচত কেশৱ মহন্তই খবৰ লয় বানপীড়িত ৰাইজৰ ৷ ইপিনে নাহৰকটীয়াত উপস্থিত হোৱাৰ পাচতো বানে বিধ্বস্ত কৰা ৰাইজৰ খবৰ ল'বলৈ আহৰি নাপালে কৃষি মন্ত্ৰী অতুল বৰাই ৷

নাহৰকটীয়াত উপস্থিত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত
নাহৰকটীয়াত উপস্থিত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত

By

Published : Jul 11, 2020, 8:36 PM IST

নাহৰকটীয়া, 11 জুলাইঃসোমবাৰে বিয়লি নাহৰকটীয়াত উপস্থিত হয় সোণোৱাল মন্ত্ৰী সভাৰ দুটাকৈ গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত ৷ দলীয় কৰ্মী সভাত অংশগ্ৰহণৰ উদ্দেশ্যৰে নাহৰকটীয়াত উপস্থিত হোৱা কৃষি মন্ত্ৰী অতুল বৰা আৰু জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰথমে দলীয় সভাত অংশগ্ৰহণ কৰে ৷ দলীয় সভা সমাপ্ত হোৱাৰ পাচত জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই নাহৰকটীয়াৰ জাগুন গাঁৱত উপস্থিত হৈ বান গৰাখহনীয়াৰ কবলত পৰা ৰাইজৰ সৈতে মিলিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ তেওঁ বৰ্তমান পৰিস্থিতিৰ হৈতে মুকাবিলা কৰিব পৰাকৈ কাম আৰম্ভ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ লগতে বাৰিষা কালৰ অন্তত 4কোটি টকা ব্যয়েৰে এই সমস্যাৰ স্থায়ী সমাধান কৰা হ'ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে ৷

নাহৰকটীয়াত উপস্থিত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত

আনহাতে নাহৰকটীয়াত উপস্থিত হোৱাৰ পাচতো ৮৫ খন ৰাজহ গাঁৱেৰে গঠিত অসমৰ ভিতৰতে বৃহৎ কৃষিভিত্তিক মৌজা চাচনীৰ বানে বিধ্বস্ত কৰা ৰাইজৰ খবৰ লবলৈ আহৰি নাপালে কৃষি মন্ত্ৰী অতুল বৰাই ৷ নৈৰ বাঢ়নী পানীয়ে চাচনীৰ কৃষিপ্ৰধান ৰাইজৰ কঠিয়াৰ লগতে বাম খেতি নষ্ট কৰা কৃষকসকলক উদ্ধাৰৰ বাবে কৃষি বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ উপায়ুক্তৰ জড়িয়তে কিমান কি ক্ষতিসাধন হৈছে সেই হিচাপ সংগ্ৰহ কৰা হৈছে বুলি কৈ প্ৰকাৰন্তৰে বিষয়টোৰ পৰা ফালৰি কটাৰ চেষ্টা কৰাহে পৰিলক্ষিত হ'ল ৷ ইয়াৰ ওপৰিও তেওঁৰ ভিয়েটনাম ভ্ৰমণ আৰু তাৰ কৃষি পদ্ধতি পৰিদৰ্শন কৰি তেনে কৃষি প্ৰদ্ধতি অসমত প্ৰয়োগ হৈছেনে বুলি সাংবাদিকে সোধাত সেইধৰণৰ কৃষিপদ্ধতি তেওঁৰ নিজৰ সমষ্টি বোকাখাততে প্ৰথম আৰম্ভ কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে সদৰি কৰে ৷

এতিয়া প্ৰশ্ন হয় বানৰ কবলত কঠিয়াতলি নষ্ট হোৱা কৃষকসকলৰ সমস্যাৰ বুজ ল'বলৈ আহৰি নোপোৱা কৃষিমন্ত্ৰীজনৰ কৃষিবিভাগে খেতিয়ক সকলক উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব নে? নে এটা বছৰ খেতিৰ অবিহনেই পাৰ কৰিব লাগিব কৃষকসকলে?

লগতে পঢ়কঃ শদিয়াৰ বিধায়ক কোভিড পজিটিভ

ABOUT THE AUTHOR

...view details