অসম

assam

ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন অতুল বৰাৰ - DIBRUGARH

সোমবাৰে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল(AMCH) পৰিদৰ্শন কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা কৃষি মন্ত্ৰী অতুল বৰা(ATUL BORA)ই । জিলাখনৰ ক'ভিড পৰিস্থিতি আৰু টীকাকৰণ ব্যৱস্থা পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ পৰিস্থিতিৰ বুজ ল'বলৈ পৰামৰ্শ দিয়াৰ পাছতে সোমবাৰে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় অভিভাৱক মন্ত্ৰীগৰাকী ।

MINISTER ATUL BORA VISITS AMCH
অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

By

Published : Jun 21, 2021, 9:01 PM IST

ডিব্ৰুগড়, ২১ জুন: ডিব্ৰুগড়ত ক'ভিড পৰিস্থিতিৰ বুজ ল'লে অভিভাৱক মন্ত্ৰী তথা কৃষি মন্ত্ৰী অতুল বৰা(ATUL BORA)ই । দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই ডিব্ৰুগড়ৰ ক'ভিড পৰিস্থিতি আৰু টীকাকৰণ ব্যৱস্থা পৰ্যবেক্ষণ কৰিবলৈ পৰামৰ্শ দিয়াৰ পাছতে সোমবাৰে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় অভিভাৱক মন্ত্ৰীগৰাকী । তেওঁ চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষকৰ কাৰ্যালয়ত এখন বৈঠকতো মিলিত হয় ।

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

এই বৈঠকত ক'ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ ব্যৱস্থাৱলী আৰু ক'ভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই । ইয়াৰ পাছতেই মন্ত্ৰী বৰাই এই ক্ষেত্ৰত তৎপৰতাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে বুলি জানিব পৰা গৈছে । এই ভ্ৰমণ কালত চিকিৎসালয়খনৰ সমীপতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ 'District Early Intervention Centre' স্থাপন কৰাৰ লগতে অস্থায়ী ক'ভিড প্ৰতিষেধক কেন্দ্ৰটোও পৰদৰ্শন কৰে । লগতে টীকাকৰণ অভিযানৰ বিষয়ে বুজ লয় মন্ত্ৰীগৰাকীয়ে ।

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

অতুল বৰাই অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱনিৰ্মিত অতি বিশেষ সেৱা ভৱন, মেডিকেল অক্সিজেন উৎপাদন কেন্দ্ৰটো পৰিদৰ্শন কৰি ৰোগীসকলৰ বাবে প্ৰয়োজনীয় অক্সিজেন যোগান নিশ্চিতকৰণৰ নিৰ্দেশ দিয়ে । পৰিদৰ্শন কালত আৰু বৈঠকত মন্ত্ৰী অতুল বৰাৰ সৈতে ডিব্ৰুগড় সমষ্টিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন, চাবুুৱা সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক পোনাকণ বৰুৱা আৰু ডিব্ৰুগড় জিলাৰ অভিভাৱক সচিব শ্ৰী অনন্তলাল জ্ঞানী, চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ সঞ্জীৱ কাকতি প্ৰমুখ্যে জিলা স্বাস্থ্য বিষয়া আৰু জিলা প্ৰশাসনৰ আন বিষয়াসকল উপস্থিত থাকে ।

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

উল্লেখ্য যে, ডিব্ৰুগড় জিলাত বৰ্তমানেও দৈনিক আক্ৰান্তৰ সংখ্যা নিয়ন্ত্ৰণলৈ অহা নাই । বিশেষকৈ বাগিচা অঞ্চলত বাঢ়িয়েই আছে আক্ৰান্তৰ সংখ্যা । সান্ধ্য আইন, সজাগতা অভিযান আদিয়েও সংক্ৰমণ ৰোধ কৰাত সহায়ক হিচাপে বিবেচিত হোৱা নাই । সেয়ে, ২২ জুনত আহিবলগীয়া নতুন নিৰ্দেশনা অনুসৰি জিলাখনত অঞ্চল ভিত্তিক আংশিক লকডাউন দিয়াৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:কি আছে নতুন ক’ভিড নিৰ্দেশনাত...

ABOUT THE AUTHOR

...view details