ডিব্ৰুগড়: দুটা দিন নেৰানেপেৰা বৰষুণৰ পাচতেই ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰত পুনৰ আৰম্ভ হৈছে ভয়ংকৰ খহনীয়া । এইবাৰ চহৰখনৰ নামনি অংশত তীব্ৰতৰ ৰূপ লৈছে বৰলুইতৰ খহনীয়াই । দিনচেৰেক পূৰ্বে চহৰখনৰ কয়লাঘাটত সৃষ্টি হোৱা খহনীয়া প্ৰতিৰোধ কৰাৰ পিচতে এইবাৰ নামনি অংশৰ ৬ নং স্পাৰত অৰ্থাৎ মাৰোৱাৰী পট্টিত আৰম্ভ হোৱা ভয়ংকৰ খহনীয়াই আতংকিত কৰি তুলিছে চহৰবাসীক ।
বৰষুণৰ পাচতেই নিশাৰ পৰাই আৰম্ভ হোৱা খহনীয়াই ভয়ংকৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে মাৰোৱাৰী পট্টিত । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম আগবঢ়াইছে জিলা প্ৰশাসনে । জিঅ' বেগেৰে খহনীয়া ৰোধৰ চেষ্টা চলাইছে প্ৰশাসনে । জিলা আয়ুক্ত বিশ্বজিৎ পেগুৰ লগতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে খহনীয়া পৰিদৰ্শন কৰি গৰাখহনীয়া নিয়ন্ত্ৰণৰ সকলো ব্যৱস্থা তদাৰক কৰা পৰিলক্ষিত হৈছে । জিলা আয়ুক্ত গৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে বিভাগীয় কৰ্তৃপক্ষক ।
ইফালে খহনীয়াৰ পাচতেই ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধৰ কাষত থকা তিনিটাকৈ বাসগৃহ উচ্ছেদ চলালে প্ৰশাসনে । চলিত বছৰটোত বেছিভাগ সময়তে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ সৃষ্টি হৈছিল । জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যিধৰণে কাম কৰিব লাগে, তেনে ধৰণে কাম কৰা ডিব্ৰুগড়ত পৰিলক্ষিত হোৱা নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । ফলত দুটা দিন বৰষুণ হোৱাৰ পাছতেই খহনীয়াই ভয়ংকৰ ৰূপ লৈছে ।