মৰাণ, ১৭ মে': লক ডাউন কিছু পৰিমাণে শিথিল হোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণৰ চাহ বাগিচা সমূহতো কাম আৰম্ভ হৈছে যদিও চাহ বাগিচা সমূহত শ্ৰমিকে কাম কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে নিৰ্ধাৰিত কৰিছে কিছু নীতি-নিয়ম । প্ৰশাসনৰ নিৰ্দেশ অনুসৰিয়ে মৰাণ ৰাজহ চক্ৰৰ অধীনত থকা সকলো চৰকাৰী বেচৰকাৰী চাহ বাগিচা সমূহত মৰাণৰ চক্ৰ বিষয়া গৰাকীয়ে নিজেই শ্ৰমিক সকলৰ মাজত কৰ'ণা প্ৰতিৰোধৰ বাবে সজাগতাৰ সৃষ্টিৰ বাবে বিভিন্ন ধৰণেৰে চেষ্টা অব্যাহত ৰাখিছে ।
মৰাণত ক্ষুদ্ৰ চাহ খেতিয়ক আৰু শ্ৰমিকৰ মাজত প্ৰশাসনৰ মাস্ক বিতৰণ - Mask distribution
মৰাণত ক্ষুদ্ৰ চাহ খেতিয়ক আৰু শ্ৰমিকৰ মাজত মাস্ক বিতৰণ প্ৰশাসনৰ । মৰাণত প্ৰায় ১৪ হাজাৰ মাস্ক বিতৰণৰ কৰিব বুলি দেওবাৰে জানিবলৈ দিয়ে প্ৰশাসনৰ লোকে । লগতে সকলো শ্ৰমিকক সচেতন হ'বলৈও আহ্বান জনাই মৰাণ সমষ্টিৰ বিধায়ক চক্ৰ গগৈয়ে ।
মৰাণ ৰাজহ চক্ৰ বিষয়া লম্বিত হাজৰিকাৰ লগতে মৰাণৰ বিধায়ক চক্ৰ গগৈয়ে মৰাণ ক্ষুদ্ৰ চাহ বাগিচা সমূহত দৈনিক মজুৰি কৰি নিজৰ জীৱন অতিবাহিত কৰি অহা ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ লগতে সেই চাহ বাগিচা সমূহত কাম কৰা শ্ৰমিক সকল যাতে কৰ'ণা মহামাৰীৰ কৱলৰ পৰা ৰক্ষা পৰে সেই উদ্দেশ্যে শ্ৰমিক সকলৰ মাজত অসম চৰকাৰৰ পৰা যোগান ধৰা মাস্ক বিতৰণ কৰাৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়ক আৰু শ্ৰমিক সকলক এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ ল'বলগীয়া সাৱধানতা সমূহৰ বিষয়ে অৱগত কৰে ।
মাস্ক বিতৰণ কৰাৰ পাচতে চক্ৰ বিষয়া গৰাকীয়ে কয়, "চৰকাৰৰ নিৰ্দেশ মৰ্মে মৰাণ চাহ বাগিচাৰ শ্ৰমিক সকলৰ মাজত মাস্ক বিতৰণ কৰা হৈছে । ইয়াৰ উদ্দেশ্যই হ'ল ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে শ্ৰমিক সকলক কৰ'ণাৰ বিৰুদ্ধে সজাগ কৰা । বিষয়া গৰাকীয়ে লগতে কয় মৰাণ চাহ শ্ৰমিক সকলৰ মাজত ১৪ হাজাৰ মাস্ক বিতৰণৰ নিৰ্দেশ চৰকাৰে দিছে ইতিমধ্যে মাস্ক বিতৰণৰ কাম আৰম্ভ হৈছে । মাস্ক বিতৰণত মৰাণৰ বিধায়ক চক্ৰ গগৈয়ে নিজেই উপস্থিত থাকি শ্ৰমিক আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত মাস্ক বিতৰণ কৰাৰ লগতে বিধায়ক গৰাকীয়ে কয় ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ন কৰিছে আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকলক ভূমি পট্টা দিয়াৰ কাম চলি আছে । বিধায়ক জনে সকলো শ্ৰমিককে কৰ'ণা বিৰুদ্ধে সচেতন হ'বলৈ আহ্বান জনাই । চাহ শ্ৰমিকৰ মাজত প্ৰশাসনে মাস্ক বিতৰণ আৰু সজাগতা বাবে লোৱা এই পদক্ষেপক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই আদৰণী জনায় ।