অসম

assam

ETV Bharat / state

Hailstorm in Dibrugarh : ডিব্ৰুগড়ৰ খোৱাঙত শিলাবৃষ্টি; 25 খনৰো অধিক গাঁৱত বিস্তৰ ক্ষতি - Heavy rain and hailstorm in Dibrugarh

কেবাদিনো ধৰি ডিব্ৰুগড়ত হৈ আছে বৰষুণ আৰু পাতল ধুমুহা (Hailstorm in Dibrugarh) ৷ কিন্তু দেওবাৰে বিয়লি অহা ধুমুহা বৰষুণে ভয়ংকৰ ৰূপ লয় ডিব্ৰুগড়ত । এই শিলাবৃষ্টিৰ ফলত 25 খনৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে ৷

Hailstorm in Dibrugarh
প্ৰৱল শিলাবৃষ্টি আৰু ধুমুহাই জোকাৰি গ’ল ডিব্ৰুগড় চহৰ

By

Published : Apr 2, 2023, 9:35 PM IST

প্ৰৱল শিলাবৃষ্টি আৰু ধুমুহাই জোকাৰি গ’ল ডিব্ৰুগড় চহৰ

ডিব্ৰুগড়, 2 এপ্ৰিল :প্ৰকৃতিৰ ৰোষত ডিব্ৰুগড় ৷ প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিছে ডিব্ৰুগড়ৰ ভিন্ন অঞ্চল ৷ দেওবাৰে বিয়লি প্ৰৱল শিলাবৃষ্টি আৰু ধুমুহাই জোকাৰি গ’ল ডিব্ৰুগড় চহৰ (Heavy rain and hailstorm at Khowang)৷ দেওবাৰে বিয়লি অহা ধুমুহা-বতাহত ডিব্ৰুগড়ৰ খোৱাঙৰ বিভিন্ন অঞ্চলত বহু ক্ষয়-ক্ষতি হোৱা দেখা যায় ৷ অৱশ্যে এই মূহুৰ্তলৈকে ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা নাই ৷

প্ৰায় আধা ঘণ্টা ধৰি হোৱা শিলাবৃষ্টিৰ ফলত বহু লোকৰ ঘৰৰ টিনপাত ফুটি নাজল-নাথল অৱস্থাৰ সৃষ্টি হয় । বিশেষকৈ খোৱাঙৰ বাঁ‌হনি পথাৰ, বাঘতলী পথাৰ, বোকাহোলা, হালধিবাৰীকে ধৰি প্ৰায় 25 খনৰো অধিক গাঁৱত শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰে (Many villager’s houses damages due to Heavy rain and hailstorm at Khowang in Dibrugarh) ।

লগতে পঢ়ক :Hailstorm at Jonai : জোনাইত প্ৰচণ্ড ধুমুহা; বিধ্বস্ত জনজীৱন

জানিব পৰা মতে, এই ধুমুহা-শিলাবৃষ্টিৰ ফলত বহু লোকৰ আশ্ৰয় স্থানো নোহোৱা হৈছে । ফলত কেবাশ গাঁৱৰ ৰাইজৰ কুলাই পাচিয়ে নধৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ ইফালে কিছুদিন পূৰ্বেও প্ৰচণ্ড বতাহ-বৰষুণ আৰু শিলাবৃষ্টিয়ে জোকাৰি গৈছিল ডিব্ৰুগড় চহৰ (Heavy rain and hailstorm in Dibrugarh)৷ হঠাৎ অহা ধুমুহা-শিলাবৃষ্টিৰ ফলত স্তব্ধ হৈ পৰে জন জীৱন ৷ ফলত ডিব্ৰুগড়বাসীৰ মাজত এক হাহাকাৰময় পৰিৱেশ সৃষ্টি হয় ।

আনকি এই প্ৰচণ্ড বতাহ-বৰষুণৰ ফলত অসম চিকিৎসা মহাবিদ্যালয়ৰ মূল পথত পাঁচটাকৈ বিদ্যুতৰ খুঁটা ভাঙি পৰিছিল ৷ সংবাদ শিৰোনামো দখল কৰিছিল সেই বাতৰিয়ে ৷ তথ্য অনুসৰি, অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ অনা ৰোগী আৰু আত্মীয়ই যথেষ্ট অসুবিধা সন্মুখীন হ’ব লগাত পৰিল ৷ আনকি বিদ্যুতৰ খুঁটা ভঙাৰ ফলত উক্ত দিনা অন্ধকাৰৰ মাজত পাৰ কৰিব লগীয়া হয় AMCH ৰ ৰোগীয়ে ।

আনহাতে, দেওবাৰে পুৱাই জোনাইত অহা এজাক প্ৰচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি সাধন কৰে জোনাইৰ কেইবাটাও অঞ্চল ৷ এই ধুমুহাত জোনাইৰ ৰতকেৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল প্ৰকাণ্ড গছৰ লগতে বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা । ফলত ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা ৷

লগতে পঢ়ক :Hailstorm in Dibrugarh : ডিব্ৰুগড়ত ধুমুহা-বৰষুণৰ ভয়ংকৰ ৰূপ; ৰাইজৰ মাজত হাহাকাৰ

ABOUT THE AUTHOR

...view details