মৰাণ, ১৭ ডিচেম্বৰ :ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ চাহ উদ্যোগলৈ আহিছে আন এক সু-সংবাদ (Assam Tea set world record) । চাহ নিলাম কেন্দ্ৰত পুনৰ অভিলেখ গঢ়িলে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই । এশ দুশ নহয়, প্ৰতিকেজিত ১,১৫,০০০ টকাত গ'ল্ড টী (Manohari Gold tea) বিক্ৰী কৰি বিশ্ব অভিলেখ গঢ়ি অসমৰ চাহ উদ্যোগলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিলে মনোহাৰী চাহ বাগিচাই (Manohari Gold tea new records) ।
উল্লেখ্য, এই চাহ ক্ৰয় কৰিছে হায়দৰাবাদৰ কেফে নিল'ফাৰ নামৰ প্ৰতিষ্ঠান স্বত্ত্বাধিকাৰী শশাংক আনুমুলাই (Cafe Niloufer in Hyderabad) । ১৬ ডিচেম্বৰত এই সৰ্বোচ্চ মূল্যত নিলাম কৰিবলৈ সক্ষম হোৱাৰ পূৰ্বে তিনিবাৰকৈ অভিলেখ গঢ়িছে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই ।
উল্লেখযোগ্য যে ২০২১ বৰ্ষত ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই । প্ৰতিকেজিত ৯৯,৯৯৯ টকাত চাহ বিক্ৰী কৰি বিশ্ব অভিলেখ গঢ়িছিল । ইয়াৰ পূৰ্বৰ দুটাকৈ নিজৰে অভিলেখ ভংগ কৰি তৃতীয়বাৰলৈ মনোহাৰী বাগিচাই গ’ল্ড টী ৯৯,৯৯৯ টকাত বিক্ৰী কৰিছিল নিলামত (Manohari Gold tea sold for record amount) । আনহাতে, ২০২০ বৰ্ষত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত (Gauhati Tea Auction Centre) নিলামৰ সময়ত এই ধৰণৰ বিশেষ চাহ প্ৰতি কিলোগ্ৰামত 75,000.00 টকা মূল্যত বিক্ৰী কৰা হৈছিল । যিটো মূল্য আছিল চাহ নিলামৰ ক্ষেত্ৰত সেই সময়ৰ অভিলেখ ।