ডিব্ৰুগড়, 22 অক্টোবৰ :একোখন চাচপেঞ্চ থ্ৰীলাৰ হিন্দী চিনেমাত হয়তো আপুনি প্ৰায়েই এটা সংলাপ শুনে, ''নাম বদলনে ছে, ইনছান নেহী বদলতা'' ঠিকেই নাম সলনি কৰিলেই সলনি নহয় মানুহ ৷ তথাপিও প্ৰায়েই দেখা যায় সামাজিক মাধ্যমত বিভিন্ন লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি এচাম লোকে ভুৱা নাম ব্যৱহাৰ কৰে ৷ ইয়াৰে এচাম লোকে নাম, উপাধি সলনি কৰি নিজৰ প্ৰেমৰ জালত পেলাবলৈ কিশোৰী, যুৱতীক লক্ষ্য কৰি লয় ৷
এইবাৰ চ’চিয়েল মিডিয়াত নিজৰ আচল পৰিচয় লুকুৱাই ডিব্ৰুগড়ৰ এগৰাকী কিশোৰীক প্ৰেমৰ জালত পোলৱাৰ অভিযোগ উত্থাপিত হৈছে এজন বিহাৰৰ যুৱকৰ বিৰুদ্ধে । যুৱকজনৰ ঘৰ বিহাৰৰ মজফৰপুৰ জিলাৰ চাপৰা নামৰ ঠাইৰ চাচাই গাঁৱত বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে, চ’ছিয়েল মিডিয়াত নিজৰ আচল পৰিচয় লুকুৱাই ছদ্মনাম ব্যৱহাৰ কৰি ধৃত এই মহম্মদ মজিদ আলমে প্ৰথমে প্ৰেমৰ জালত পেলাইছিল ডিব্ৰুগড়ৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীক ।