অসম

assam

টিংখাঙত বগা হাতীত পৰিণত জলসিঞ্চন আঁচনি

By

Published : Aug 1, 2021, 5:04 PM IST

টিংখাঙৰ কেন্দুগুৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১ নং বৰবিল গাঁৱৰ জলসিঞ্চন আঁচনিখন বহু বছৰ ধৰি বিকল হৈ আছে । আঁচনিখনৰ পৰা কোনো সুফল নোপোৱাত বছৰ বছৰ ধৰি বৰষুণৰ পানীৰেই খেতি কৰি থাকিবলগীয়া হৈছে অঞ্চলটোৰ কৃষক ৰাইজে ৷

Local people Demand to active  Irrigation Project at Tingkhong
টিংখাঙত বগা হাতীত পৰিণত জলসিঞ্চন আঁচনি

টিংখাং, 1 আগষ্ট : টিংখাঙত প্ৰহসনত পৰিণত হৈছে জলসিঞ্চন আঁচনি (Irrigation Project) । টিংখাঙৰ কেন্দুগুৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১ নং বৰবিল গাঁৱৰ জলসিঞ্চন আঁচনিখন বহু বছৰ ধৰি বিকল হৈ আছে । যাৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা থকাৰ পাছতো পানীৰ অভাৱত শালিধানৰ খেতি কৰিব পৰা নাই গাঁওখনৰ বহু কৃষক ৰাইজে । কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজৰ বাবে অতি প্ৰয়োজনীয় এই জলসিঞ্চন আঁচনিখন পুনৰ কাৰ্যকৰী কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন জনোৱাৰ পাচতো কোনো সুফল নধৰিল ।

টিংখাঙত বগা হাতীত পৰিণত জলসিঞ্চন আঁচনি

বিভাগীয় কৰ্তৃপক্ষৰ গা-এৰা দিয়া মনোভাৱৰ বাবে মেৰামতিৰ অভাৱত আঁচনিখনৰ বহু যন্ত্ৰ-পাতি ইতিমধ্যে নষ্ট হ'বলৈ ধৰিছে । যি সময়ত পৰ্যাপ্ত বৰষুণৰ অভাৱত কৃষকে মূৰে-কপালে হাত দিব লগা হৈছে তেনে সময়ত গাঁওবাসীৰ বাবে একপ্ৰকাৰ হাৰমালত পৰিণত হৈছে এই আঁচনিখন । আঁচনিখন সঠিক ৰূপত পৰিচালিত হোৱা হ'লে উপকৃত হ'লহেঁতেন ১ নং আৰু ২ নং বৰবিল গাঁৱৰ শতাধিক কৃষক ৷

আঁচনিখন অতিশীঘ্ৰে কাৰ্যক্ষম কৰি কৃষক ৰাইজক সকাহ দিবৰ বাবে জলসিঞ্চন মন্ত্ৰী(Irrigation Minister) তথা চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

চৰকাৰে কোটি-কোটি টকা খৰচ কৰি জলসিঞ্চন আঁচনিখন নিৰ্মাণ কৰিছে যদিও আঁচনিখনৰ পৰা কোনো সুফল নোপোৱাত বছৰ বছৰ ধৰি বৰষুণৰ পানীৰেই খেতি কৰি থাকিবলগীয়া হৈছে অঞ্চলটোৰ কৃষক ৰাইজে ৷ অতি শীঘ্ৰেই এই আঁচনিখন তদাৰক কৰাৰ লগতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি কৃষক ৰাইজক উপকৃত কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :মূলসুঁতিলৈ ঘুৰি অহা সকলো উগ্ৰপন্থীক সংস্থাপন দিব প্ৰমোদ বড়োই

ABOUT THE AUTHOR

...view details