টিংখাং, ২১ ফেব্ৰুৱাৰী : টিংখাঙৰ শ্ৰীপুৰীয়াত বৰকোকানিত দেওবাৰে বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হয় এটা নাহৰফুটুকী । বিগত এমাহ ধৰি অঞ্চলটোত ৰাইজৰ পশুধন ভক্ষণ কৰি সন্ত্ৰাস চলাই আছিল নাহৰফুটুকীটোৱে । ৰাইজে বন বিভাগৰ লোকক এই বিষয়ে অৱগত কৰাত শনিবাৰে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থাপন কৰা এটা পিঞ্জৰাত নাহৰফুটুকীটো আবদ্ধ হৈ পৰে ।
টিংখাঙত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী - Leopard trapped in cage
টিংখাঙৰ শ্ৰীপুৰীয়াত বৰকোকানিত দেওবাৰে বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হয় এটা নাহৰফুটুকী । বিগত এমাহ ধৰি অঞ্চলটোত ৰাইজৰ পশুধন ভক্ষণ কৰি সন্ত্ৰাস চলাই আছিল নাহৰফুটুকীটোৱে ।
টিংখাঙত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী
বৰ্তমান বন বিভাগৰ লোক উপস্থিত হৈ পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোক উপযুক্ত স্থানত এৰি দিয়াৰ যোজা চলাইছে । স্থানীয় লোকে অঞ্চলত এটা নাহৰফুটুকীৰ পোৱালি থকাৰ আশংকা ব্যক্ত কৰিছে ।
লগতে পঢ়ক :পৰেশ বৰুৱাক ধন্যবাদ জনালে প্ৰণৱ গগৈ পৰিয়ালে