অসম

assam

ডিব্ৰুগড়ত 514 টা পৰিয়ালক মাটিৰ পট্ৰা প্ৰদান

By

Published : Jan 30, 2021, 8:45 PM IST

ডিব্ৰুগড়ত ভূমিহীন লোকক মাটিৰ পট্ৰা প্ৰদান ৷ প্ৰশাসনৰ উদ্যোগত 514 গৰাকীক ভূমিৰ পট্ৰা প্ৰদান কৰা হয় ৷

Land holding Certificate distribution at Lahowal by Dibrugarh district administration
ডিব্ৰুগড়ত 514 টা পৰিয়ালক মাটিৰ পট্ৰা প্ৰদান

মৰাণ, 30 জানুৱাৰী : ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ভূমিহীন খিলঞ্জীয়া সকলৰ বাবে ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিতে আনুষ্ঠানিকভাৱে প্ৰশাসনে হিতাধিকাৰীক ভূমি পট্ৰা প্ৰদান কৰিছে ।

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত লাহোৱালত ভূমিহীন খিলঞ্জীয়া 514 গৰাকী হিতাধিকাৰীক ভূমি পট্ৰা আৰু আৱন্টন পত্ৰ বিতৰণ কৰে । লাহোৱাল শ্ৰীশ্ৰী লক্ষীনাৰায়ণ প্ৰেক্ষাগৃহত ভূমি পট্ৰা প্ৰদান কৰে প্ৰশাসনে ।

লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ মন্তব্য

ইফালে, ভূমি পট্ৰা পাই লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰি হিতাধিকাৰী সকলে কয় যে, বিগত 20 টা বছৰে কংগ্ৰেছ চৰকাৰৰ নেতৃত্বত আছিল লাহোৱাল সমষ্টি কিন্তু আজিলৈকে কংগ্ৰেছ চৰকাৰে কৰিব নোৱাৰা কাম সৰ্বানন্দ সোনোৱাল চৰকাৰে কৰি দেখুৱাইছে । এইক্ষেত্ৰত হিতাধিকাৰী সকলে ডিব্ৰুগড় প্ৰশাসনকো ধন্যবাদ জনায় ।

লগতে পঢ়ক :ধোৱা চাংঙত পৰিণত হ'ল মন্ত্ৰী কেশৱ মহন্তৰ মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি

ABOUT THE AUTHOR

...view details