ডিব্ৰুগড়, 14 অক্টোবৰঃঅসমীয়া জাতিৰ বাবে হিমন্ত সৰ্বানন্দ আৰু ৰঞ্জিত হৈছে বদন বৰফুকন ৷ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব লোৱাত প্ৰতিবাদস্থলীৰ পৰাই এনেদৰে কয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোঁৱৰে ৷
লগতে পঢ়কঃ CAB বাতিলৰ দাবীত কৃষক মুক্তিয়ে কঁপালে বটদ্ৰৱা
উল্লেখ্য যে, বিজেপি চৰকাৰে সংসদৰ অনাগত শীতকালীন অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি মুকলিকৈ ঘোষণা কৰিছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বহুকেইগৰাকী বিজেপি নেতাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে মতামত প্ৰদান কৰিছে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে নিজৰ দেশতেই ভগনীয়া হৈ পৰিব অসমীয়াসকল ৷ সেয়েহে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল হৈ পৰিছে ৰাজ্যৰ চৌদিশ ৷
কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য কোঁৱৰ লগতে পঢ়কঃ গোলাঘাটত অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস পালন
শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ সকলো ৰাইজকে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় সংগঠনটোৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে ৷
সোমবাৰে মুখ্যমন্ত্ৰীৰ গৃহ জিলাত প্ৰায় 50 হাজাৰৰো অধিক গোহাৰি বিতৰণ কৰে কৃষক মুক্তিয়ে ৷ যিটো সময়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দৰে এটা বিষয় মূল্যহীন হৈ পৰিছে তেনেস্থলত নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়া জাতিৰ বাবে অধিক বিপদৰ আশংকা কঢ়িয়াই আনিছে ৷ ৰাজনৈতিক ভাৱে, অৰ্থনৈতিক ভাৱে, সাংস্কৃতিক ভাৱে অসমীয়াৰ অধিকাৰ বিপন্ন কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কে ৷ এনেকুৱা এটা সময়ত যদি অসমীয়াই ওলাই আহিব নোৱাৰে তেন্তে জাতিৰ লগতে চাকৰি, মাটি, ভেটি একোৱেই নাথাকিব বুলি কয় ধৈৰ্য কোঁৱৰে ৷