অসম

assam

ETV Bharat / state

পুনৰ পোহৰলৈ কিডনী বিক্ৰীৰ আন এক ঘটনা - অসম চাহ জনজাতি ছাত্ৰ সন্থা

ডিব্ৰুগড়ৰ লাহোৱালত দালাল চক্ৰৰ কবলত পৰি চাহ বাগিচাৰ মহিলাই বিক্ৰী কৰিলে কিডনী ৷ কিডনী সৰবৰাহকাৰীক আটক কৰি শাস্তিৰ দাবী তুলিছে দল সংগঠনে ৷

assam kidney traing case
পুনৰ পোহৰলৈ আহিছে দালাল চক্ৰৰ কবলত কিডনী বিক্ৰী কৰাৰ আন এক ঘটনা

By

Published : Jul 17, 2021, 8:22 PM IST

মৰাণ, 17 জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো সক্ৰিয় হৈ আছে ধনৰ লোভ দি মানুহৰ অংগৰ ব্যৱসায় কৰা দালাল চক্ৰ । ডিব্ৰুগড়ৰ বহুকেইখন চাহ বাগিছাত এটাৰ পাচত আনটো কিডনী বিক্ৰীৰ ঘটনা পোহৰলৈ আহিছে । ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি(Lahowal lac)ৰ ঘন জনবসতিপূর্ণ মটক চাহ বাগিচাৰ এগৰাকী চাহ শ্ৰমিকে দৰিদ্ৰতাৰ বাবে দালাল চক্ৰৰ কবলত পৰি বিক্ৰী কৰিবলগীয়া হ'ল নিজৰ কিডনী ।

পুনৰ পোহৰলৈ আহিছে দালাল চক্ৰৰ কবলত কিডনী বিক্ৰী কৰাৰ আন এক ঘটনা

প্ৰাপ্ত তথ্য অনুসৰি, হিমান্তী ৰাজবংশী নামৰ এগৰাকী মহিলাই 4 লাখ টকাৰ চুক্তিৰ বিনিময়ত কলকতাত কিডনী বিক্ৰী কৰিছিল । দালাল চক্ৰৰ লগত 4 লাখ টকাত চুক্তিবদ্ধ হৈ মহিলাগৰাকীয়ে কিডনী বিক্ৰি কৰিছিল যদিও দালাল চক্ৰটোৱে প্ৰাপ্যধন আদায় নিদিয়া বুলি জানিবলৈ দিছে মহিলাগৰাকীয়ে । কিডনী বিক্ৰী কৰাৰ পাচত এতিয়া অসুস্থ জীৱন কটাইছে মহিলাগৰাকীয়ে ।

ইতিমধ্যে অসম চাহ জনজাতি ছাত্ৰ সন্থা(ATTSA)ই ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে । মানৱ অংগ সৰবৰাহকাৰী চক্ৰটোক শীঘ্ৰে আটক কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে লাহোৱাল শাখা আটছা আৰু লাহোৱাল আছু(AASU)ৰ বিষয়ববীয়াই । উল্লেখ্য যে, ইয়াৰ পূৰ্বে বুধবাৰৰ দিনটোতো পোহৰলৈ আহিছিল ডিব্ৰুগড়ৰ লাহোৱালত অৱস্থিত ঘোঁৰামৰা চেঙেলীজান চাহ বাগিচাত এজন ব্যক্তিয়ে নিজৰ কিডনী বিক্ৰী কৰা ভয়াৱহ ঘটনা ৷

ৰামু কৰ্মকাৰ নামৰ ব্যক্তিজনে কলিকতাত গৈ তিনি লাখ পঞ্চাশ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰিলে নিজৰ কিডনী । ইয়াৰ পাচতে ডিব্ৰুগড় চহৰৰ কাষৰীয়া বকপাৰা চাহ বাগিছা 9 নং লাইনৰ অজয় কৰ্মকাৰ নামৰ এজন শ্ৰমিকে দালাল চক্ৰৰ কবলত পৰি বিক্ৰী কৰিলে নিজৰ কিডনী । ৰাজ্যজুৰি, মানৱ দেহৰ অংগ বিক্ৰীৰ লগত জড়িত থকা সমগ্ৰ দালাল চক্ৰটোক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয় নে নহয় সেইয়া লক্ষণীয় হ'ব।

লগতে পঢ়ক :ভয়াতুৰসকলক RSSত যোগদানৰ পৰামৰ্শ ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details