চাবুৱাৰ খাজিখোৱাত মৃত নৱজাতক উদ্ধাৰ - new born baby
দেওবাৰে পুৱা চাবুৱাৰ খাজিখোৱাত মৃত নৱজাতক উদ্ধাৰ ৷ অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি ৷
চাবুৱাৰ খাজিখোৱাত মৃত নৱজাতক উদ্ধাৰ
ডিব্ৰুগড়,23জুনঃ দেওবাৰে পুৱাই চাবুৱাৰ খাজিখোৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হয় ৷ মানৱতাক ভূলুণ্ঠিত কৰি কোনো দুষ্ট দম্পত্তিৰ অসৎ চৰিতাৰ্থৰ ফলতে নৱজাতকটিক এইদৰে পেলাই দিয়ে বুলি ধাৰণা কৰিছে স্থানীয় লোকে ৷ তাৰ পাচতে এই ঘটনাই সমগ্ৰ চাবুৱা অঞ্চলতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মৃত নৱজাতকটিক স্থানীয় লোকে দেখা পোৱাৰ পিছতে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃত নৱজাতটোক উদ্ধাৰ কৰি ডিব্ৰুগড়ৰ মেডিকেললৈ প্ৰেৰণ কৰে ।