অসম

assam

ETV Bharat / state

প্ৰহৃত সাংবাদিক: আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - অসম চিকিৎসা মহাবিদ্যালয়

একাংশ আৰক্ষীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে দিয়া ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ ৷ অসুস্থ মাতৃৰ বাবে খাদ্য আনিবলৈ যোৱা চাবুৱাৰ সাংবাদিকক শাৰীৰিকভাৱে অপদস্থ কৰাৰ বিস্ফোৰক অভিযোগ উঠিছে ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে ।

journalist assault in dibrugrah
আৰক্ষীৰ দ্বাৰা প্ৰহৃত সাংবাদিক

By

Published : Jul 18, 2021, 4:55 PM IST

ডিব্ৰুগড়, 18 জুলাই : ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ এইবাৰ অভিযোগৰ আঙুলি উঠিছে ডিব্ৰুগড়ৰ আৰক্ষীৰ বিৰুদ্ধে ৷ শনিবাৰে নিশা চাবুৱাৰ সাংবাদিকক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ ডিব্ৰুগড়ৰ আৰক্ষীৰ বিৰুদ্ধে ৷ এই অভিযোগ উত্থাপন কৰিছে চাবুৱাৰ সাংবাদিক কল্পজ্যোতি দাসে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, চাবুৱাৰ সাংবাদিক কল্পজ্যোতি দাসৰ মাতৃৰ শাৰীৰিক অসুস্থতাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা চলি আছে ৷ শনিবাৰে নিশা অসুস্থ মাতৃৰ বাবে খাদ্য আনিবলৈ গৈছিল সাংবাদিক কল্পজ্যোতি দাস ৷ তেতিয়াই সাংবাদিকগৰাকীৰ লগত সংঘটিত হয় এক অঘটন ৷

খাকী পোছাকধাৰী আৰক্ষীয়ে শাৰীৰিকভাৱে অপদস্থ কৰে সাংবাদিকগৰাকীক ৷

আৰক্ষীৰ দ্বাৰা প্ৰহৃত সাংবাদিক

প্ৰাপ্ত তথ্য অনুসৰি, এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ চাবুৱাৰ সাংবাদিক হিচাপে কৰ্মৰত হৈ আছে কল্পজ্যোতি দাস ৷ সাংবাদিক দাসে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত নিশা বৰবাৰী থানাত দাখিল কৰিছে এক এজাহাৰ ৷ আনহাতে নিশাৰ ভাগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি সাংবাদিক আক্ৰমণকাৰী আৰক্ষীৰ সন্ধানত নামি পৰিছে বৰবাৰী আৰক্ষী ।

আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ইপিনে মাতৃৰ চিকিৎসাৰ বাবে গৈ আৰক্ষীৰ হাতত বিনা দোষত প্ৰহৃত হোৱা এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে চাবুৱাৰ সংবাদ মাধ্য়মত । দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে চাবুৱাৰ সাংবাদিকসকলৰ লগতে বহু দল-সংগঠনেও ৷ আনকি নিশাই সংবাদকৰ্মী আৰু দল-সংগঠনৰ সদস্যসকলে বৰবাৰী আৰক্ষীৰ লগত মিলিত হৈ আক্ৰমণকাৰী আৰক্ষীৰ সন্ধানত আৰম্ভ কৰে অভিযান ৷

লগতে পঢ়ক:যোৰহাটবাসীৰ বাবে সকাহ: প্ৰথমবাৰলৈ হ্ৰাস ক’ভিড সংক্ৰমণৰ হাৰ

ABOUT THE AUTHOR

...view details