অসম

assam

ETV Bharat / state

সাংবাদিকৰ বাঁহীৰ সুৰত মন উৰুঙা হ’ল নাচনীৰ

সংবাদ সংগ্ৰহত সদাব্যস্ত সাংবাদিক সকলেও মৰাণত ঢোলৰ চেও, বিহু নামৰ সুৰত বাঁহী বজাই নাচনিৰ সৈতে বিহু নাচি আনন্দ উৎসাহেৰে পাৰ কৰিলে এটা দিন ৷ সকলোৱে বিহুকলৈ ব্যস্ত হৈ পৰাৰ বাতৰি সমগ্ৰ কৰাৰ মাজতে ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক হিৰণ্য কৌশিক বৰাই বজোৱা বাঁহীৰ সুৰে আপ্লুত কৰিলে সকলোকে ৷

সংবাদ সংগ্ৰহৰ মাজতে সাংবাদিকেও নাচিলে বিহু
সংবাদ সংগ্ৰহৰ মাজতে সাংবাদিকেও নাচিলে বিহু

By

Published : Apr 11, 2021, 9:11 AM IST

Updated : Apr 11, 2021, 1:34 PM IST

মৰাণ,11 এপ্ৰিল :অসমীয়াৰ আবেগ, অসমীয়াৰ স্বাভিমান হেঁপাহৰ ৰঙালী বিহুৰ আগমনে জীপাল কৰি তুলিছে চহা অসমীয়াৰ মন প্ৰাণ ৷ অসমীয়া জাতীয় জীৱনৰ আয়ুসৰেখা স্বৰূপ অতিকৈ চেনেহৰ ব'হাগৰ আগমনত এতিয়া সৰ্বত্ৰে পৰিলক্ষিত হৈছে ভীষণ ব্য়স্ততা ৷ এই বহাগক লৈ এতিয়া অসমীয়াৰ প্ৰাণে-মনে উঠিছে আনন্দৰ লহৰ ৷ প্ৰতিজন অসমীয়াই হেঁপাহৰ বিহুটি পাতিবলৈ বিভিন্ন ধৰণে চলাইছে প্ৰস্তুতি।

সংবাদ সংগ্ৰহৰ মাজতে সাংবাদিকেও নাচিলে বিহু

কণ-কণ শিশুৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰুলৈ সকলোৱে বিহুকলৈ ব্যস্ত হৈ পৰাৰ বাতৰি সমগ্ৰ কৰাৰ মাজতে ডিব্ৰুগড়ত সাংবাদিকেও মাৰিলে বিহু ৷ সংবাদ সংগ্ৰহত সদাব্যস্ত সাংবাদিক সকলেও ঢোলৰ চেও, বিহু নামৰ সুৰত বাঁহী বজাই নাচনিৰ সৈতে বিহু নাচি আনন্দ উৎসাহেৰে পাৰ কৰিলে এটা দিন ৷ মৰাণত সংবাদ সংগ্ৰহ কৰিবলৈ গৈ ডিব্ৰুগড়ৰ সাংবাদিক হিৰণ্য কৌশিক বৰাই বজোৱা বাঁহীৰ সুৰে আপ্লুত কৰিলে সকলোকে ৷

লগতে পঢ়ক :মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংযোজন হ’ল তিনিটাকৈ গঁড়ৰ পোৱালী

Last Updated : Apr 11, 2021, 1:34 PM IST

ABOUT THE AUTHOR

...view details