ডিব্ৰুগড়, 31 জুলাই:কৰ'ণাৰ প্ৰাদুৰ্ভাৱে এতিয়া গণ সংক্ৰমণৰ ৰূপ লৈছে ৰাজ্যত ৷ এই ক্ষেত্ৰত কঠোৰ হৈছে চৰকাৰ প্ৰশাসনো ৷ কিন্তু এতিয়াও জানো ৰাইজ সচেতন হৈছে ? কেন্দ্ৰীয় চৰকাৰে বিগত এপ্ৰিল মাহতেই ৰাজহুৱা স্থানত পিক পোলোৱা, ধূমপান কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধীনত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশনা ফলপ্ৰসূ হৈছেনে ? কিয়নো এই নিয়মো আছিল COVID-19 ৰ বিৰুদ্ধে লোৱা সচেতনতামূলক পদক্ষেপৰে অন্যতম অংশ ৷ এনে প্ৰশ্নৰ বাবে সকলোৰে মনত উৎপন্ন হোৱা উত্তৰটো হয়তো "নাই"য়েই হ'ব ৷ কিয়নো তাৰ উৎকৃষ্ট উদাহৰণ এতিয়াও স্পষ্ট ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷
উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰণালয়ে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ এক গোহাৰিৰ প্ৰসংগ উল্লেখ কৰি কয় যে, চুপাৰি, গুটখা, পাণমছলা জাতীয় খাদ্য খালে সৃষ্টি হয় অত্যাধিক থু ৷ যাৰ বাবে এইসমূহ খাদ্য খালে বৃদ্ধি পায় মানুহৰ পিকোৱাৰ প্ৰৱণতা ৷ এনেদৰে ৰাজহুৱা স্থানত পিকোৱাৰ ফলত তাৰ পৰা বৃদ্ধি পাব পাৰে COVID-19 ৰ সংক্ৰমণ ৷ এনেবোৰ বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা ৰাইজৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল যদিও, এতিয়াও সেই নিৰ্দেশনা ফলপ্ৰসূ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷ ডিব্ৰুগড় জিলাতো একাংশ লোকে বিনা দ্বিধাই অব্যাহত ৰাখি গৈছে এই কাৰ্য ৷ এই ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ?