অসম

assam

ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়ত সংযোজন হাইটেক ষ্ট্ৰ’ক ভেন - hightech stroke mobile van

দেশৰ ভিতৰতে চৰকাৰী চিকিৎসা কেন্দ্ৰত অসম চিকিৎসা মহাবিদ্যালয় (Assam Medical College Hospital)ত প্ৰথমবাৰলৈ মুকলি কৰা হৈছে এখন হাইটেক (অত্যাধুনিক) বাহন । ইতিমধ্যে ব্ৰেইন ষ্ট্ৰ'ক হোৱা এগৰাকী ৰোগীক সফলতাৰে চিকিৎসা প্ৰদান কৰি প্ৰায় সুস্থিৰ কৰি তুলিলে এই ষ্ট’ক ভেনৰ জৰিয়তে ।

অসম চিকিৎসা মহাবিদ্যালয়ত সংযোজন হাইটেক ষ্ট্ৰ’ক ভেন
অসম চিকিৎসা মহাবিদ্যালয়ত সংযোজন হাইটেক ষ্ট্ৰ’ক ভেন

By

Published : Jul 10, 2021, 2:08 PM IST

ডিব্ৰুগড়, 10 জুলাই :অসম চিকিৎসা মহাবিদ্যালয় (Assam Medical College Hospital)ত অভিনৱ সংযোজন । ব্ৰেইন ষ্ট’কৰ বলি হোৱা ৰোগীৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় (Assam Medical College Hospital)ত মুকলি কৰা হৈছে এখন হাইটেক (অত্যাধুনিক) বাহন । ষ্ট্ৰ'ক হোৱা ৰোগীৰ তাৎক্ষণিক চিকিৎসা হ’ব এতিয়া উজনিৰ অসম চিকিৎসা মহাবিদ্যালয়ত । দেশৰ চৰকাৰী চিকিৎসালয়ৰ ভিতৰত অসম চিকিৎসা মহাবিদ্যালয়েই হ’ল এনে অত্যাধুনিক বাহন থকা প্ৰথমখন চিকিৎসালয় ।

অসম চিকিৎসা মহাবিদ্যালয়ত সংযোজন হাইটেক ষ্ট্ৰ’ক ভেন

সমগ্ৰ দেশৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়সমূহৰ ভিতৰত অসম চিকিৎসা মহাবিদ্যালয়লৈ (Assam Medical College Hospital) আহিল এই অভিনৱ পদ্ধতি । আই চি এম আৰ (ICMR)ৰ দ্বাৰা প্ৰদান কৰা হৈছে এই বহুকোটি টকাৰ মূল্যৰ ম’বাইল ষ্ট্ৰ'ক ভেনখন । হাইটেক (অত্যাধুনিক) বাহনখনত চিটি স্কেনৰ লগতে আনুষাংগিক সকলো চিকিৎসা সঁজুলি মজুত আছে আৰু ইয়াৰ সহায়তে এতিয়া ৰোগীক তাৎক্ষণিক চিকিৎসা কৰা হ’ব ৷

দেশৰ ভিতৰতে চৰকাৰী চিকিৎসা কেন্দ্ৰত এইয়া হৈছে প্ৰথম সুবিধা । ইতিমধ্যে ব্ৰেইন ষ্ট্ৰ'ক হোৱা এগৰাকী ৰোগীক সফলতাৰে চিকিৎসা প্ৰদান কৰি প্ৰায় সুস্থিৰ কৰি তোলা হৈছে এই ষ্ট’ক ভেনৰ জৰিয়তে । বৰ্তমানে এই ভেনখন মেডিকেলৰ চৌহদৰ জৰুৰীকালীন বিভাগত ৰখা হৈছে ।

অসম চিকিৎসা মহাবিদ্যালয়ত সংযোজন হাইটেক ষ্ট্ৰ’ক ভেন

অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে পোন প্ৰথমবাৰৰ বাবে মধ্য বয়সৰ এগৰাকী ৰোগীক ষ্ট’ক ভেনৰ জৰিয়তে চিকিৎসা প্ৰদান কৰা লগতে ৰোগীৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিবলৈ দিয়ে । এতিয়াৰে পৰা কোনো ব্ৰেইন ষ্ট্ৰ'ক হোৱা ৰোগী ডিব্ৰুগড়ৰ মেডিকেললৈ নিদিষ্ট সময়ৰ ভিতৰত আহিলে সু-চিকিৎসাৰে আৰোগ্য লাভ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ডাঃ সঞ্জীৱ কাকতিয়ে ।

ডাঃ সঞ্জীৱ কাকতিয়ে সদৰি কৰা অনুসৰি থ্ৰ’মবলিলিছিছ চিকিৎসা পদ্ধতি তথা ষ্ট্ৰ’ক হোৱা ৰোগীৰ শিৰা বা উপশিৰাত গোট মৰা তেজ ঔষধৰ দ্বাৰা স্বাভাৱিক কৰা হয় । ফলত ৰোগীৰ জীৱন ৰক্ষা পৰাৰ লগতে ৰোগীক নিজৰ পদুলিত গৈ পংগুত্ব জীৱনৰ পৰা ৰক্ষা কৰিব পৰা যাব । স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ বিনোদ শৰ্মা আৰু ডাঃ কমল ৰাজখোৱাসহ চিকিৎসকৰ এটা দলে স্বাভাবিকতেই এতিয়া এনে সেৱাই বহু ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যাব বুলি আশা ব্যক্ত কৰে ।

লগতে পঢ়ক :দুই মন্ত্ৰীৰ বিভাগ সলালে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details